চৰাইদেউৰ লেঙিবৰত ১৫ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ…

ডিজিটেল সংবাদ, চৰাইদেউঃ শুক্ৰবাৰে চৰাইদেউ জিলাৰ লেঙিবৰ বাকুপুখুৰী অঞ্চলত এখন ব্যক্তিগত চাহবাগিছাৰ পৰা ১৫ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ হয় ৷শিৱসাগৰ আৰু চৰাইদেউ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু শ্ৰমিক ট্ৰাস্ক ফ’ৰ্চৰ যুটীয়া উদ্যোগত চলোৱা এক অভিযানত শিশু শ্ৰমিক কেইজন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
জিলা শিশু সুৰক্ষা বিষয়া নুজহত নাচৰীন আৰু জাহ্নৱী গোস্বামীৰ তৎপৰতাত পুতু বৰুৱা নামৰ লোকজন চাহ বাগিচাৰ পৰা শিশু কেইজনক উদ্ধাৰ কৰে ৷ জানিব পৰা মতে এই সন্দৰ্ভত চৰাইদেউ জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ শ্ৰম বিভাগৰ শ্ৰম পৰিদৰ্শক ভুৱনেশ্বৰ ৰাভাই বাগিছাখন স্বত্বাধিকাৰী বিৰুদ্ধে মথুৰাপুৰ থানাত এক এজাহাৰ দাখিল কৰিছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zCms8d
via IFTTT
Comments
Post a Comment