পুৱাৰ খবৰ…

১. অসমত পুনৰ ২৯৩জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ৭৪জন কামৰূপ মেট্ৰ’ৰ, ২৮জন যোৰহাটৰ, ২৩জন শিৱসাগৰৰ আৰু ২১জন নলবাৰীৰ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৮৮৩১৮জনলৈ পাইছে বৃদ্ধি। ইফালে, দেওবাৰৰ দিনটোত অসমত সুস্থ হয় ৬৭৪জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৪জনৰ মৃত্যু। উল্লেখ্য যে, ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৭০২জন ৰোগী।

২. দিল্লীত অখিল গগৈৰ উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য- ‘২০২১ৰ নিৰ্বাচনত কংগ্রেছৰ ভুলৰ বাবেই বিজেপিৰ চৰকাৰ হ’ল অসমত। এইবাৰ কংগ্রেছ-ৰাইজৰ দলৰ মিত্রতাহ’লে কমেও ৩খন আসন লাভ কৰিব। এইবাৰ ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিব নোৱাৰিব কংগ্রেছে। ২০২১ত শেষ মুহূৰ্ত প্রতাৰণা কৰিছিল কংগ্রেছে। এইবাৰ প্রতাৰণা কৰিলে বিজেপিক প্রতিহত কৰিব নোৱাৰিব । ইয়াৰ একমাত্র কাৰণ হ’ব কংগ্রেছ ।’

৩. বোকাজানত ড্রাগছৰ বিৰুদ্ধে খটখটি আৰক্ষীৰ অভিযান। অভিযানত এখন যাত্রীবাহী বাছৰ পৰা জব্দ ৪৭.২০ গ্রাম ড্রাগছ। ৪টা চাবোন কেছত আনিছিল ড্রাগছখিনি। এজন যাত্রীৰ পৰা জব্দ এই ড্রাগছখিনি। ধৃত সৰবৰাহকাৰীজনৰ নাম ওছমান আলী।

৪. চৰকাৰে নিজেই SOP ভংগ কৰাৰ অভিযোগ দেৱব্রত শইকীয়াৰ। তেওঁ লগতে কয়- ৰাজহুৱা সম্পদবোৰ ব্যক্তিগতকৰণ কৰাটো দুৰ্ভাগ্যজন। ধনী লোকক ধনী কৰাৰ বাবে এই নীতি লৈছে কেন্দ্রই। সীমান্তৰ সমস্যা সমাধানৰ ক্ষেত্রত নেডাৰ আহ্বায়কে বলিষ্ঠ ভূমিকা নল’লে। শিক্ষাৰ্থীক বিনামূলীয়াকৈ পঢ়িব পৰাকৈ ব্যৱস্থা কৰিব লাগে। ডিমা হাছাওৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা লওক। AIUDF মহাজোঁটৰ পৰা আঁতৰি যোৱাক লৈ দলৰ সৈতে আলোচনা কৰিব লাগিব। BPF থকা নথকাটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব।

৫. বকলীয়াঘাটৰ ক্লৰডুঙত নৃশংস হত্যাকাণ্ড। কিশোৰ পুত্রৰ দাৰ ঘাপত প্রাণ গ’ল পিতৃৰ। সুৰাসক্ত পিতৃয়ে গালি-গালাজ পাৰিছিল পুত্রক। পুত্রই দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃ কামদেৱ বসুমতাৰীক। আৰক্ষীয়ে আটক কৰে হত্যাকাৰী পুত্রক।

৬. শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত লামডিঙৰ যুৱক সন্ধানহীন ৷ ভালুকপুঙত বনভোজ খাবলৈ আহি সন্ধানহীন যুৱকজন ৷ ভালুকপুঙৰ ৮ মাইলত জীয়াভৰলী নৈত  সন্ধানহীন যুৱকজন ৷ এটা ৫জনীয়া দল বনভোজ খাবলৈ আহিছিল ভালুকপুঙলৈ। যুৱকজন লামডিংৰ কৌস্তৱ পাল বুলি জানিব পৰা গৈছে। লামডিঙৰ পৰা বনভোজ খাবৰ বাবে ভালুকপংলৈ গৈছিল বুলি জানিব পৰা গৈছে। যুৱক জনৰ পিতৃ মাতৃ ৰেলবিভাগত কৰ্মৰত ৷  যুৱকজন অভিযন্তা ৷

৭. খুমটাইত এক শোকাৱহ ঘটনা সংঘটিত। ব্রহ্মপুত্রৰ বানত বুৰি থকা নপমুৱা-শ’লমাৰী গাঁৱত এজন লোকৰ মৃত্যু। বানপানীয়ে চাৰিওফালে আৱৰি থকাৰ ফলত সমস্যাত পৰিছে পৰিয়াল। ভুৰত মৃতদেহ কঢ়িয়াই পথতে অন্ত্যেষ্টিক্রিয়া কৰে পৰিয়ালে।

৮. দিয়াংমুখৰ ঘটনাক লৈ লংকাত ট্রাক চালকৰ প্রতিবাদ সাব্যস্ত। ডালমিয়া চিমেণ্টৰ সন্মুখত এই প্রতিবাদ। নিৰীহ ৫ ট্রাক চালকৰ হত্যাৰ উচিত ন্যায় প্রদানৰো দাবী। প্রতিটো পৰিয়ালক ১৫ লাখ টকাকৈ প্রদানৰ দাবী।

৯. নগাঁৱত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ। নগাঁৱৰ শিয়ালমাৰীৰ পৰা জব্দ হেৰ’ইনখনিনি। জব্দকৃত হেৰ’ইনখিনৰ বজাৰ মূল্য প্রায় ২০ লাখ টকা। আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলা সৰবৰাহকাৰীক। ধৃত মহিলাগৰাকী শিয়ালমাৰীৰ তচলিমা বেগম। নগাঁৱৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান।

১০. কুখ্যাত ডকাইত ৰকিব হুছেইন ওৰফে বুতাৰ আত্মসমৰ্পণ। আৰক্ষীৰো ম’ষ্ট ৱাণ্টেড আছিল ৰকিব হুছেইন। নলবাৰী আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰকিব হুছেইনৰ। চুৰি-ডকাইতিৰ বহুকেইটা গোচৰ ৰুজু হৈ আছে ৰকিবৰ বিৰুদ্ধে। নলবাৰীৰ মুকালমুৱাৰ সুতাৰকুছিত ঘৰ ধৃত ৰকিবৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3gKAwox
via IFTTT

Comments