বিশ্বনাথৰ পাভৈত গ্ৰীণ কৃষি পাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ…

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ চাৰিআলিৰ পৰা ৪ কিঃমিঃ দূৰৈত পাভৈত অৱস্থিত প্ৰগতিশীল যুৱ কৃষক নীলম দত্তৰ কৃষিপাম পাভৈ গ্ৰীণ পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । সোমবাৰে সন্ধিয়া পাভৈস্থিত কৃষিপাম পৰিদৰ্শন কৰি সাংবাদিকৰ হোৱা বাৰ্তালাপাত মুখ্যমন্ত্ৰী গৰাকীয়ে মানিকী মধুৰী, কণগুটি, অগ্নিশালী, সুৱাগ মণি, প্ৰসাদভোগ আদি বিভিন্ন প্ৰজাতিৰ ১২০ বিধ ধানৰ বীজৰ সংৰক্ষণৰ কথা অৱগত কৰে ।

মুখ্যমন্ত্ৰী মন্ত্ৰী গৰাকীয়ে নীলম দত্তৰ কৃষিপাম খনত থকা কেঁচুসাৰ প্ৰকল্প, মীন পালন, গো -পালন আৰু কৃষি ভূমি পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে । এই কৃষি পাম পৰিদৰ্শনত কালত মুখ্যমন্ত্ৰীৰ লগত সাংসদ পল্লৱ লোচন দাস, কেবিনেট মন্ত্ৰী ৰঞ্জীত দত্ত,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া উপৰিও বিজেপিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।

কৃষি পাম পৰিদৰ্শন কৰাৰ পিছত পামখনৰ স্বত্বাধিকাৰী নীলম দত্তৰ লগত এক আলোচনাত মিলিত হয় ।আনহাতে , সাংবাদিকক মুখ্যমন্ত্ৰীয়ে কোভিড১৯য়ে সন্ত্ৰাসৰ সৃষ্টি কৰা সময়ত অসমৰ যুবশক্তিয়ে কৃষিৰ যোগেদি স্বাৱলম্বীতাৰ পথ অৱলম্বন কৰা বুলি উল্লেখ কৰে । অসমৰ বজাৰ থলুৱা ৰাইজৰ হাতত থাকিব লাগিব বুলিও মন্তব্য কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । কৃষি পাম খনৰ স্বত্বাধিকাৰী নীলম দত্তৰ আদৰ্শৰে এই অঞ্চলৰ যুৱ কৃষক সকলক অনুপ্ৰানিত হবলৈ আহ্বান জনায় ।

ইয়াৰ পূৰ্বে নীলম দত্তৰ লগত এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ছুইজাৰ লেণ্ড, জাৰ্মানী আদিৰ উপৰিও দেশৰ এই ফাৰ্মতেই বিভিন্ন বিশেষজ্ঞৰ দলে বীজ সংৰক্ষণৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । এই প্ৰশিক্ষনত চাৰি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰিছিল । জৈৱিক সাৰ আৰু মীন পালনত বিশেষ গুৰুত্ব দিয়া এই কৃষিপাম খনত মৎস পালন আৰু মাছৰ বিভিন্ন প্ৰজাতিৰ পোনা উৎপাদনত গুৰুত্ব প্ৰদান কৰি আহিছে । কৃষি পাম খনৰ পৰাই মাছৰ বিভিন্ন প্ৰজাতিৰ পোনা ৰাজ্য খনৰ লগতে অৰুণাচল ,নাগালেণ্ড আদি উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হয়

The post বিশ্বনাথৰ পাভৈত গ্ৰীণ কৃষি পাম পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39z9ITm
via IFTTT

Comments