মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ
মাৰ্ঘেৰিটা সমষ্টিৰ লংগাঁও গৰাখহনীয়া স্থলিত গৰাখহনীয়া সমস্যা ৰোধ কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ মানৱ শৃংখলেৰে কালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনিয়া সমস্যাই বুঢ়ীদিহিং নৈপৰীয়া অঞ্চল সমূহৰ ৰাইজৰ জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা ইনথেম গাঁৱ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ লংগাঁও গৰাখহনীয়া স্থলিত বিভিন্ন জাতীয় দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এলেকাত বুঢ়ীদিহিং নৈৰ ভয়াৱহ গৰা খহনীয়াত শ শ বিঘা ভূমি নদীত জাহ গৈছে।
বুঢ়ীদিহিং গৰাখহনীয়া সমস্যা সমাধানৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কিম্বা বৰ্তমানৰ বিজেপিৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন স্থানীয় দল সংগঠন জনাই আহিছে।
কিন্তু আজি পৰ্যন্ত কোনো বিহিত ব্যৱস্থা লোৱাৰ পৰিবৰ্তে গৰাখহনীয়া স্থানলৈ পৰিদৰ্শন কৰিবলৈও জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষ যোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদকাৰী সকলে।
গৰাখহনীয়া সমস্যাই এক স্পৰ্কাতৰ বিষয় হিচাপে পৰিগণিত হোৱা বুঢ়ীদিহিং গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, আছাসহ কেইবাটা জাতীয় দল সংগঠনৰ লগতে লংগাঁও, উলুপ গাঁৱৰ ৰাইজে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ভাস্কৰ শৰ্মা মুৰ্দাবাদ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।
অতিশীঘ্ৰে গৰাখহনীয়া সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে প্ৰতিবাকাৰী সকলে।
The post মাৰ্ঘেৰিটাত বুঢ়ীদিহিঙৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2XalT47
via IFTTT
Comments
Post a Comment