এতিয়া বসন্ত কাল, ফুলতকৈ কাঁইটেই ভালঃ আজি হীৰুদাৰ ওপজা দিন…

ডিজিটেল ডেস্কঃ প্ৰতিজন অসমীয়াৰ মন-মগজুত যাৰ কবিতা খুদিত হৈ আছে, যাৰ কবিতাৰ প্ৰতিটো পংক্তিয়ে জগাই তুলিব পাৰে দেশপ্ৰেমৰ লগতে মানৱ প্ৰেম, সেই জনা কবি হীৰুদাৰ আজি ওপজা তিথি।১৯৩২ চনত ২৮ জুলাইত যোৰহাটত  জন্মগ্ৰহণ কৰা হীৰেন ভট্টাচাৰ্য অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ’ল ‘হীৰুদা’।

তেওঁৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ  দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল।

তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক হীৰেন গোহায়ে কৈছে যে, “তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব।

তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ’দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায়। কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ। উল্লেখ্য যে, ২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।

The post এতিয়া বসন্ত কাল, ফুলতকৈ কাঁইটেই ভালঃ আজি হীৰুদাৰ ওপজা দিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jFdlvE
via IFTTT

Comments