আজি ভাৰতত অৱতৰণ কৰিব পাঁচ ৰাফেল যুদ্ধ বিমানে…

ডিজিটেল ডেস্কঃ আজি আম্বালাত অৱতৰণ কৰিব ফ্ৰান্সৰ পৰা অহা পাঁচ ৰাফেল যুদ্ধ বিমানে। ইতিমধ্যে ৰাফেল অৱতৰণৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে আম্বালা বিমান ঘাটিত। আম্বালা বিমান ঘাটিৰ তিনি কিঃমিটাৰ পৰিসীমাত ড্ৰোনৰ উৰণ নিষিদ্ধ কৰা হৈছে। বিমান ঘাটিটোৰ কাষৰীয়া চাৰিখন গাঁৱত ইতিমধ্যে জাৰি কৰা হৈছে ১৪৪ ধাৰা।
ৰাফেল অৱতৰণ কৰাৰ সময়ত ফটো অথবা ভিডিঅ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখ্য যে চীনৰ ‘ড্ৰেগন’ যুদ্ধ বিমানৰ সমকক্ষ ৰাফেলে উৰন্ত অৱস্থাতে ১৩০ কিঃমিটাৰ আঁতৰৰ লক্ষ্যত আঘাত হানিবলৈ সক্ষম। ভাৰত চৰকাৰে মুঠ ৫৯ হাজাৰ কোটি টকাৰে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৩৬খন ৰাফেলৰ প্ৰথম পাঁচখনে আজি অৱতৰণ কৰিব।
The post আজি ভাৰতত অৱতৰণ কৰিব পাঁচ ৰাফেল যুদ্ধ বিমানে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fgRNSV
via IFTTT
Comments
Post a Comment