ডিবাঙৰ সেউজীয়া উপত্যকাত হেৰাই যোৱাৰ উপক্ৰম ইডু মিছিমিৰ ‘ককায়েক সকল’

যিপিনেই চোৱা যায় সেই পিনেই কেৱল সেউজীয়াৰ ঢল।

অসম-অৰুণাচল সীমান্তৰ ডিবাং বন্য প্ৰাণী উদ্যানৰ সেউজীয়া বক্ষত এতিয়া আধুনিক সভ্যতাৰ আঁচোৰ পৰিছে।

উন্নয়নৰ দোহাই দি এপিনৰ পৰা নিঃশেষ কৰি যোৱা হৈছে ডিবাং উপত্যকাৰ সেউজীয়া অৰণ্য।

বাঘে বিচৰণ কৰা ডিবাং উপত্যকাত এতিয়া থাকিবলৈ ঠাই নোহোৱাৰ দৰে হৈ পৰিছে বনৰজাৰ বাবে। ডিবাং উপত্যকাত সাজি থকা ইতালিন জল বিদ্যুৎ প্ৰকল্পৰ বাবে ইতিমধ্যে ধ্বস কৰা হৈছে ১১৫০.০৮ হেক্টৰ সেউজীয়া অঞ্চল।

একেদৰে ডিবাং উপত্যকা বান্ধৰ বাবেও এতিয়া বংক্ষ শূন্য হৈ পৰিছে ৪৫৭৭.৮৪ হেক্টৰ ভূমি।

ডিবাং উপত্যকাত বাঘ থকাৰ কথা কেইবাবাৰো প্ৰমাণ হৈছে।

২০১৪ চনত কেমেৰা ট্ৰেপিঙৰ জৰিয়তে ডিবাঙত বাঘ থকাৰ কথা প্ৰমাণ হৈছিল।

২০১৮ চনতো ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে চলোৱা কেমেৰা ট্ৰেপিঙত ডিাঙত দুটাকৈ প্ৰাপ্ত বয়স্ক বাঘৰ ছবি ধৰা পৰিছিল।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ সদস্য এছ পি যাদবৰ মতে উপত্যকাটোত ২৯ টা বাঘে বাস কৰি আছে।

ডিবাং উপত্যকাৰ অধিবাসী ইডু মিছিমি লোক সকলে বাঘক তেওঁলোকৰ ককায়েক জ্ঞান কৰে।

সেই বাবেই ইডু মিছিমি লোক সকলে কেতিয়াও বাঘ হত্যা নকৰে। জল বিদ্যুত প্ৰকল্প আৰু বান্ধৰ বাবে ডিবাঙৰ হাবিত বাস কৰা ইডু মিছিমি লোক সকলৰ ককায়েক এতিয়া সংকটৰ গৰাহত পৰিছে।

২০১৮ চনতে ইডু মিছিম কালচাৰেল এণ্ড লিটেৰেৰী  ছ’চাইটিয়ে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় বন তথা পৰিৱেশ দপ্তৰলৈ ডিবাঙৰ বাঘৰ সংৰক্ষণৰ দিহা কৰিবলৈ পত্ৰ লিখিছিল যদিও চৰকাৰে এই বিষয়ত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ফলত হেৰাই যোৱাৰ উপক্ৰম হৈছে ইডু মিছিমিৰ ককায়েক সকল।

The post ডিবাঙৰ সেউজীয়া উপত্যকাত হেৰাই যোৱাৰ উপক্ৰম ইডু মিছিমিৰ ‘ককায়েক সকল’ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/33bK324
via IFTTT

Comments