উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনলাইন ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান…

ডিজিটেল ডেস্কঃ উত্তৰ পূৱ ভাৰতত বাবে প্ৰথম বাৰৰ বাবে অনলাইন ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান। অসম ফটোগ্ৰাফী ক্লাৱে আয়োজন কৰিছে এই অনুষ্ঠান। পাঁচটাকৈ বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত হ’ব এই ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান। একোটা বিষয় বস্তুত মাত্ৰ তিনিজনেহে অংশ গ্ৰহণ কৰিব পাৰিব বুলি ইতিমধ্যে নিয়মাৱলী প্ৰকাশ কৰিছে অসম ফটোগ্ৰাফী ক্লাৱে।

ফটোসমূহ জমা দিয়াৰ সময়ো নিৰ্দ্ধাৰণ কৰিছে অসম ফটোগ্ৰাফী ক্লাৱে। ১০ আগষ্ট অন্তিম দিন ধাৰ্য কৰা হৈছে ফটোসমূহ জমা দিয়াৰ। নিৰ্বাচিত প্ৰতিযোগীসকলৰ নাম ১৭ আগষ্ট তাৰিখে ঘোষণা কৰা হ’ব বুলি জনাইছে উদ্যোক্তা সকলে।


৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব প্ৰদৰ্শনী। প্ৰদৰ্শনীত অংশ গ্ৰহণৰ বাবে ১০০ টকাৰ মাছুল আদায় দিব লাগিব।ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠানটো প্ৰফেছনেল আৰু এমেছাৰ সকলোধৰণৰ ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰিব পাৰিব।

প্ৰদৰ্শনীৰ বাবে জমাদিব লগা ফটোসমূহৰ আকাৰ ৩০০০ পিক্সেল আৰু ২০০০ পিক্সেলৰ হ’ব লাগিব। ফটোসমূহ ডিজিটেল ফৰমেটৰ হ’ব লাগিব। জমা দিব বিচৰা ফটোত নিৰ্দিষ্ট কেপচন লিখি পঠিয়াব লাগিব। প্ৰদৰ্শনীত যোগ্য বিবেচিত হোৱা ফটোগ্ৰাফাৰজনক ব্যক্তিগতভাৱে যোগাযোগ কৰা হ’ব।

The post উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনলাইন ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XaUkYA
via IFTTT

Comments