জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটাত আছাৰ ১ ঘণ্টীয়া প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচী

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মাৰ্ঘেৰিটাৰ লামা গাঁও প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু “আছা” মাৰ্ঘেৰিটা আঞ্চলিক আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত মঙলবাৰে জৰাজীৰ্ণ পথ উন্নয়ণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভিতৰ পাৱৈ গাঁও পঞ্চায়তৰ ৮, ৯ আৰু ১০ নং ৱাৰ্ডৰ লামা গাঁৱৰ পৰা ১নং ডিৰক চাহ বাগিচা, নাগাডুভা, হিলিকাজন, খাগৰী পথাৰ প্ৰায় সাত কিলোমিটাৰ পথৰ জৰাজীৰ্ণ পথচোৱা নিৰ্মাণৰ দাবীত প্ৰতিবাদকাৰী সকলে লামা গাঁওত ১ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

১৯৮২ চনৰ পৰা ৰাজহ গাঁও হিচাপে স্বীকৃতি পোৱাৰ পাছতো পাৱৈ গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ চিকিৎসালয়, ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱা, বজাৰ, দোকান পোহাৰ আদিলৈ যোৱাৰ ক্ষেত্ৰত স্থানীয় গঞাৰ লগতে সৰ্বসাধাৰণ ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগিবলগীয়া হৈছে।

কংগ্ৰেছ, বিজেপি চৰকাৰৰ নেতা পালি নেতা সকলে কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ সময়ত সৰ্বাংগীণ উন্নয়নৰ নামত ফটা ঢোল বজাই মিছা প্ৰতিশ্ৰুতি দি অহাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজ তথা আদিবাসী জাতীয় দল সংগঠন ক্ষোভিত হৈ পৰিছে বুলি উল্লেখ কৰি অসম চৰকাৰৰ জন প্ৰতিনিধি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক অতিশীঘ্ৰে পথচোৱা নিৰ্মাণ কৰিবলৈ দাবী জনায়।

অতি শীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।

The post জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটাত আছাৰ ১ ঘণ্টীয়া প্ৰতিবাদী পথ অৱৰোধ কাৰ্যসূচী appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/335Q9ky
via IFTTT

Comments