চীনক আৰু এক আঘাত ভাৰতৰ; এইবাৰ নিষিদ্ধ কৰা হ’ল ৰঙীণ টিভি ছেটৰ আমদানি

চীনক ভাতে মৰাৰ বাবে ভাৰতে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ ভাৰত চৰকাৰে ৰঙীণ টেলিভিশ্বন ছেটৰ আমাদানি নিষিদ্ধ কৰা হৈছে।

চীনৰ পৰিমানে বৃহৎ পৰিমানৰ ৰঙীণ টিভি ভাৰতলৈ আমদানি কৰা হয়। চৰকাৰে এইবাৰ ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা বলবৎ কৰিছে।

চৰকাৰে ঘৰুৱা উৎপাদনক উৎসাহ যোগোৱাৰ উদ্দেশ্যেই এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব দিছে।

আমদানিত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত মেক ইন ইণ্ডিয়াই বিশেষ উদগনি লাভ কৰিব।

ইপিনে, ভাৰতৰ এই সিদ্ধান্তৰ ফলত চীন বৃহৎ লোকচানৰ সন্মুখীন হ’ব।

বাতৰি অনুসৰি, বৈদেশিক বাণিজ্য মহানিৰ্দেশালয়ে (ডিজিএফটি) এক অধিসূচনা যোগে ৰঙীণ টেলিভিশ্বনৰ আমদানি নীতিৰ পৰিৱৰ্তন কৰি ইয়াক প্ৰতিবন্ধকতা ৰখা শাখাত অন্তৰ্ভুক্ত কৰিছে।

প্ৰতিবন্ধকতা ৰখা শাখাত কোনো সামগ্ৰী অন্তৰ্ভুক্ত হোৱাৰ পাছত সেই সামগ্ৰীৰ আমদানি কৰা ব্যৱসায়ীসকলে বাণিজ্য মন্ত্ৰ্যালয়ৰ অন্তৰ্গত ডিজিএফটিৰ পৰা আমদানিৰ লাইচেন্স ল’ব লাগিব।

ভাৰতত ৰঙীণ টিভি ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত চীন আটাইতকৈ শীৰ্ষত আছে।

চীনৰ পাছতে এইক্ষেত্ৰত স্থান লাভ কৰিছে ক্ৰমে ভিয়েটনাম, মালয়েছিয়া, হংকং, কোৰিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু জাৰ্মানীয়ে।

সীমান্তত চীনৰ সেনাই প্ৰদৰ্শন কৰা আগ্ৰাসী ভূমিকাৰ পাছতে ভাৰতে চীনৰ বিৰুদ্ধে অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন চাপ সৃষ্টি কৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

The post চীনক আৰু এক আঘাত ভাৰতৰ; এইবাৰ নিষিদ্ধ কৰা হ’ল ৰঙীণ টিভি ছেটৰ আমদানি appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/30djjft
via IFTTT

Comments