বাস্তৱতো ‘থ্রী ইডিয়টছ’ৰ পুনৰাবৃত্তি! : প্ৰসূতিক ভিডিঅ’ কলযোগে প্ৰসৱ কৰোৱালে মহিলা চিকিৎসকে

আমিৰ খান আৰু কৰীণা কাপুৰৰ অভিনীত বলিউদৰ জনপ্ৰিয় হিন্দী ছবি ‘থ্ৰী ইডিয়টছ’ৰ এটা দৃশ্য বাস্তৱতো পুনৰাবৃত্তি ঘটিছে।

এগৰাকী প্ৰসূতিক ভিডিঅ’ কলৰ যোগেদি এগৰাকী মহিলা চিকিৎসকে প্ৰসৱ কৰোৱাৰ খবৰ আহিছে সংবাদ মাধ্যমলৈ।

খবৰ অনুসৰি অনুসৰি কৰ্ণাটক ঘটিছে এই ঘটনা।

কৰ্ণাটকৰ হানগল মৌজাৰ কিট্টুৰ ষ্ট্ৰীটৰ বাসৱী পাথেপুৰৰ নামৰ এগৰাকী প্ৰসূতিৰ জীৱনত ঘটিছে এই বাস্তৱ ঘটনাটো।

ৰাজ্যখনত ক’ৰ’না প্ৰতিৰোধৰ বাবে বলৱৎ হৈ থকা লকডাউনৰ বাবে পৰিয়ালৰ লোকে প্ৰসূতি গৰাকীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ যোগাৰ কৰিব নোৱাৰিলে।

আনহাতে হানাগল মৌজাৰ স্থানীয় চিকিৎসালয়খত এগৰাকী নাৰ্ছৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰাত চিকিৎসালয়খন চীল কৰা হৈছিল।

ইফালে প্ৰসূতি গৰাকীয়ে প্ৰসৱজনিত বিষত কৰা চিৎকাৰ শুনি প্ৰতিৱেশী জ্যোতি মাডিয়ে বাংগালুৰুত কৰ্মৰত তেওঁৰ এগৰাকী চিনাকি চিকিৎসক ডাঃ প্ৰিয়ংকা মানতাগিক ফোন কৰিলে।

ইয়াৰ পিছতে চিকিৎসক গৰাকীয়ে ভিডিঅ’ কলিং কৰে আৰু তেওঁ দিয়া নিৰ্দেশ মতে প্ৰসূতি গৰাকীক সেৱা আগবঢ়াই যায় জ্যোতিয়ে। ইয়াৰ পিছতে প্ৰসূতি মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।

জানিব পৰা মতে পুত্ৰ সন্তানৰ লগতে প্ৰসূতি মাতৃ গৰাকীয়ো বৰ্তমান সুস্থ।

বাসৱী নামৰ প্ৰসূতি গৰাকীয়ে নিৰাপদে এটি সুস্থ পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত জ্যোতিয়ে এই অভিজ্ঞতা বৰ্ণনা কৰিছে সংবাদ মাধ্যমৰ আগত।

“ডাঃ প্ৰিয়ংকাই আমাক কৰা সহায়ৰ বাবে আমি মাতৃ আৰু সন্তানটিৰ জীৱন ৰক্ষা কৰিব পাৰিলো। ইয়াৰ পূৰ্বে আমাৰ প্ৰসৱজনিত কোনো অভিজ্ঞতা নাছিল। চিকিৎসক গৰাকীয়ে সাহস দিয়াৰ বাবেহে আমি এই কামটো কৰিব পাৰিলো।” চিকিৎসকৰ পৰামৰ্শ মতে প্ৰসৱ কৰোৱা জ্যোতি নামৰ মহিলা গৰাকীয়ে কয়।

The post বাস্তৱতো ‘থ্রী ইডিয়টছ’ৰ পুনৰাবৃত্তি! : প্ৰসূতিক ভিডিঅ’ কলযোগে প্ৰসৱ কৰোৱালে মহিলা চিকিৎসকে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3hIoWs2
via IFTTT

Comments