অৱশেষত আৰক্ষীৰ জালত মাজদিয়া ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত আলতাফ খান…


ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াত সংঘটিত চাঞ্চল্যকৰ ট্ৰাক হাইজেক কাণ্ডৰ মাষ্টাৰমাইণ্ড আলতাফ খান অৱশেষত আৰক্ষীৰ জালত পৰিছে । আৰক্ষীৰ চকুত ধুলি দি ডেৰমাহে পলাতক হৈ থকা ধৃত আলতাফ খানৰ ঘৰ সৰ্থেবাৰীৰ মাজদিয়াত।

বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নেতৃত্বত আৰু সদৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত আৰু সৰ্থেবাৰী আৰক্ষীৰ সহযোগত মংগলবাৰে মাজদিয়া আৰক্ষীয়ে বৰপেটা টাউনৰ পৰা বিশেষ খবৰৰ ভিত্তিত ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত আলতাফ খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, লখৰাৰ আইটিচিৰ পৰা শিৱসাগৰলৈ বিভিন্ন খাদ্য-সামগ্ৰী পঠিওৱা এ এছ০১-এইছ চি ৪০৪৯ নম্বৰৰ ট্ৰাকখনৰ চালক চহিদুল ইছলামৰ লগত বুজাবুজিৰে আলতাফ খানে হাইজেক কৰিছিল । যোৱা ১৫জুনত সৰ্থেবাৰীৰ মাজদিয়াত ট্ৰাকখন উদ্ধাৰ হোৱাৰ পাছতেই পৰিবহন কোম্পানী আৰু ট্ৰাকখনৰ গৰাকীয়ে মাজদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ।

সৰ্থেবাৰী থানাত ৰুজু হোৱা ২০৭/২০২০ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৯৫ ধাৰাৰ অধীনত ট্ৰাক হাইজেক কাণ্ডটোত জড়িত থকাৰ অভিযোগত চালক চহিদুল ইছলামৰ লগতে চতলা গাঁৱৰ আমজাদ আলী, মাজদিয়াৰ জাকিৰ আলী আৰু ফুলচান খান ওৰফে পণ্ডিতক গ্ৰেপ্তাৰ কৰিছিল মাজদিয়া আৰক্ষীয়ে ।

অৱশ্যে পলাতক অৱস্থাত আছিল ট্ৰাক হাইজেক কাণ্ডৰ মাষ্টাৰ মাইণ্ড আলতাফ খান। অৱশেষত বিগত ডেৰমাহে আৰক্ষীৰ চকুত ধুলি দি পলাই সাৰিবলৈ সক্ষম হোৱা আলতাফ খানক মংগলবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

The post অৱশেষত আৰক্ষীৰ জালত মাজদিয়া ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত আলতাফ খান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30WqxUj
via IFTTT

Comments