ভাত খোৱাক লৈ স্বামী-স্ত্ৰীৰ কাজিয়াঃ বিহপান কৰি ছটফটাই মৃত্যুমুখত পৰিল পত্নী ফুলমনি…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃসাধাৰণ ভাতখোৱাক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ অন্তত পত্নীয়ে কীটনাশক দ্ৰব্য সেৱন কৰাৰ পিছত একমাত্ৰ টকাৰ অভাৱৰ বাবেই স্বামীয়ে পত্নীক চিকিৎসালয়লৈ নিব নোৱাৰৰ পৰিণতিতে শেষত কৰুণ মৃত্যুক আঁকোৱালি লোৱা এক হৃদয়বিদাৰক ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে ।

বিহপান কৰাৰ পিছত দীৰ্ঘসময় ধৰি ছটফটাই থাকি কৰুণ মৃত্যুক আঁকোৱালী লোৱা বিবাহিতা মহিলাগৰাকীক কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁওৰ মোজাবাৰী গাঁৱৰ মাইকেল হাসদা(২৫)ৰ পত্নী ফুলমনি টুডু (২৪) বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে ৰবিবাৰৰ দিনাখন চিম্বৰগাঁওৰ মোজাবাৰী গাঁৱৰ মাইকেল হাসদা(২৫)ই গীৰ্জাৰ পৰা অহাৰ পিছতেই পত্নীক এৰি ভাত খায় । পত্নীক এৰি ভাত খোৱাৰ পিছতে মাইকেল হাসদাৰ পত্নী ফুলমনি টুডুই কিয় আগতে ভাত খাব লাগে বুলি প্ৰশ্ন কৰে । তেতিয়া মাইকেল হাসদাই পত্নীক তুমি মোৰ আগতেই ভাতকেইটা খাই লবা বুলি কয় আৰু ইয়ে পৰবৰ্তী সময়ত কাজিয়াৰ ৰূপ লয় । ফুলমনি হাসদাই খঙতে বা দুখতে আত্মহত্যা কৰাৰ উদ্দেশ্যৰে কীটনাশক দ্ৰব্য সেৱন কৰে আৰু ছটফটাবলৈ ধৰে । পত্নীৰ ছটফটনি দেখি পতি মাইকেল হাসদাৰ হুচ ঘূৰি আহে আৰু চিকিৎসালয়ত নিবৰ বাবে টকা বিচাৰি প্ৰতিবেশীৰ কাষলৈ দৌৰ মাৰে ।

লকডাউনৰ প্ৰভাৱ , প্ৰতিবেশীৰ আৰ্থিক অনাটনৰ বাবেই হয়তো প্ৰতিবেশীসকলে টকা ধাৰ দিবলৈ অপৰাগ হয় । বহু চেষ্ঠাৰ মুৰত মাইকেল হাসদাই বিয়লি এজনৰ পৰা দুহাজাৰ টকা ধাৰত লবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে বহু পলম হয় আৰু ফুলমনি হাসদাই বিছনাতে সন্ধিয়া আনুমানিক ৬:০৯ মান বজাত ছটফটাই কৰুণ মৃত্যুক সাৱটি লয় ।

আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ৰবিবাৰে মাজনিশাহে অৱগত হয় আৰু আজি বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰায়ৰ নেৰ্তৃত্বত যোৱা আৰক্ষীৰ দলে নিজগৃহৰ পৰাই ফুলমনি টুডুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তোৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে স্বামী মাইকেল হাসদাক আটক কৰে । বাতৰি লিখা মুহুৰ্তত আদিৱাসী সেৱা সমিতিৰ সভাপতি বয়েল হেমব্ৰম আৰু চাওতাল ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিতেশ্বৰ মুৰ্মু মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে ।

সময়সতে জনা হলে নিশ্চয়কৈ চিকিৎসালয়ত নি ফুলমনি টুডুক বচোৱাৰ চেষ্ঠা কৰিব পৰা গলহেতেন বুলি আদিৱাসী সেৱা সমিতিৰ সভাপতি বয়েল হেমব্ৰম আৰু চাওতাল ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হিতেশ্বৰ মুৰ্মুই প্ৰকাশ কৰিছে । উল্লেখ্য যে ফুলমনি টুডুই মৃত্যুৰ পূৰ্বে দুগৰাকী কণমানি কন্যা সন্তান ইহজগতত এৰি থৈ আছে । প্ৰণিধানযোগ্য যে মাইকেল হাসদাৰ মাতৃ কেইদিনমান পূৰ্বে পিছলি পৰি হাত ভাঙিছে যদিও অৰ্থাভাৱৰ বাবেই এতিয়াও চিকিৎসালয়লৈ লৈ যোৱা নাই ।

The post ভাত খোৱাক লৈ স্বামী-স্ত্ৰীৰ কাজিয়াঃ বিহপান কৰি ছটফটাই মৃত্যুমুখত পৰিল পত্নী ফুলমনি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39yM9dj
via IFTTT

Comments