তামুলপুৰ- কুমাৰীকাটা বন বিভাগৰ লুণ্ঠনৰ অভিযোগঃ অতিৰিক্ত বোজাই দি চালান বিহীন ভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰ-ট্ৰাক জব্দ কালকুছিত…

ডিজিটেল সংবাদ,তামুলপুৰ-ঘগ্ৰাপাৰঃ নলবাৰী পথৰ কালাকুচিত আজি অঞ্চলটোৰ ৰাইজে কেইবাখনো অবৈধভাৱে অতিৰিক্ত বোজাই দি শিল-বালি কঢ়িওৱা আৰু চালান বিহীন ডাম্পাৰ- ট্ৰাক জব্দ কৰে। ৰাইজে অভিযোগ কৰা মতে তামুলপুৰৰ পৰা ঘগ্ৰাপাৰ হৈ নলবাৰীলৈ যোৱা পথটো সুদীৰ্ঘ ১০-১২ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল।

কালাকুচি-অময়াপুৰ অঞ্চলৰ ৰাইজ, বিভিন্ন ছাত্র সংগঠনে বহু আন্দোলন কৰাৰ পিছত কেইমাহ মান পূৰ্বে পথছোৱা মেৰামতি কৰাত অঞ্চলটোৰ ৰাইজে, ছাত্র-ছাত্ৰী সকলে সকাহ পায়। ৰাইজে অভিযোগ কৰা মতে তামুলপুৰ-কালাকুচি-ঘগ্ৰাপাৰ পঠটোৰ বহন ক্ষমতা মাথো ৯ টন যদিও এই পথটোৰে কুমাৰীকাটা-
নাগ্ৰীজুলি- ঢেঁকিপোতা আদি ঠাইত থকা শিল-বালি মহলৰ পৰা ট্ৰাক-ডাম্পাৰ সমূহে অতিৰিক্ত বোজাই দি ২৫-৩০ টন শিল-বালি কঢ়িয়াই আনে।

ফলত তামুলপুৰ-কালাকুচি- ঘগ্ৰাপাৰ পথটোত বিভিন্ন ঠাইত ফাট মেলাৰ উপৰিও পথটোত ঠায়ে ঠায়ে গাঁতৰ সৃষ্টি হৈছে। ৰাইজে ডাম্পাৰ-ট্ৰাক সমূহৰ নথি-পত্ৰ পৰীক্ষা কৰাত ৰাইজ আৰু সংবাদ মাধ্যমৰ আগত ডাম্পাৰ-ট্ৰাক চালক সকলে প্ৰকাশ কৰা মতে তেওঁলোকৰ ডাম্পাৰ-ট্ৰাক সমূহত চালানত উল্লেখ থকাতকৈ অধিক বোজাই দি শিল-বালি কঢ়িয়াই অনা হৈছিল।

এখন ট্ৰাকৰ চালকৰ হাতত কোনো চালান নথকাত যোৱা ৬ জুলাইৰ চালান প্ৰদৰ্শন কৰিছিল ৰাইজ আৰু সংবাদ মাধ্যমৰ সম্মুখত। ডাম্পাৰ-ট্ৰাক চালক সকলে প্ৰকাশ কৰা মতে তেওঁলোকে ঢেঁকীপোতাৰ পৰা শিল-বালি কঢ়িয়াই আনিলে ঢেঁকীপোতাত থকা বন তালাচী চকীত ২৫০ টকা আৰু তামুলপুৰ ঘগ্ৰাচ’কত থকা বন তালাচী চকীত ২০০ টকা দিব লাগে।

এই ধন বন বিভাগৰ লোকে আদায় লয় যদিও কোনো ধৰণৰ ৰছিদ দিয়া নহয় ডাম্পাৰ-ট্ৰাকৰ চালক সকলক। কুমাৰীকাটাৰ পৰা অতিৰিক্ত বোজাই দি শিল-বালি কঢ়িয়াই অনাৰ আনিলে চৰ্ত সাপেক্ষে ৩০০-৫০০ টকা কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ বন তালাচী চকীত আদায় দিব লাগে।

কালাকুচিত ৰাইজে অতিৰিক্ত বোজাই দি মাল কঢ়িয়াই পথৰ শোচনীয় অৱস্থা কৰা ডাম্পাৰ-ট্ৰাক সমূহ জব্দ কৰাত বন বিভাগৰ লোকে বছৰৰ পিছত বছৰ ধৰি চলাই অহা লুণ্ঠনৰ কথা পোহৰলৈ আহে আৰু স্থানীয় ৰাইজে আশ্বৰ্য প্ৰকাশ কৰি বন বিভাগৰ লোকৰ বাবে চৰকাৰে বহু টকা ৰাজহ পোৱাৰ পৰা বঞ্চিত হৈ আহিছে বুলি কয়।

এই ক্ষেত্ৰত তামুলপুৰ মহকুমা প্ৰশাসনকো ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে অনুৰোধ জনায়। ইপিনে বিটিচিত চলি থকা ৰাজ্যপাল শাসনৰ সময়ত নৈ সমূহত চলি থকা অবৈধ খনন বন্ধ কৰাৰ লগতে অবৈধ ভাৱে শিল-বালি কঢ়িওৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল যদিও ৰাজ্যপাল গৰাকীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই তামুলপুৰ মহকুমাত বন বিভাগে লুণ্ঠন চলাই অহাৰ কথা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাইজে।

পথটোৰে অতিৰিক্ত বোজাই দি অবৈধভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰ-ট্ৰাকৰ চলাচল বন্ধ নকৰিলে ৰাইজে পথটোৰ সুৰক্ষাৰ স্বাৰ্থত তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ লগতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ বিচৰি ৰাজ্যপাল গৰাকীক আবেদন জনাব বুলিও ৰাইজে প্ৰকাশ কৰে।

The post তামুলপুৰ- কুমাৰীকাটা বন বিভাগৰ লুণ্ঠনৰ অভিযোগঃ অতিৰিক্ত বোজাই দি চালান বিহীন ভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰ-ট্ৰাক জব্দ কালকুছিত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32YHujx
via IFTTT

Comments