এখন দলঙৰ এটা বাতৰিকলৈ বোকাজানত উত্তেজনা…

ডিজিটেল সংবাদ,বোকাজানঃ সামাজিক মাধ্যম ফেচবুকত উচতনিমূলক আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ অভিযোগ তুলি কাৰ্বি ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু এছ.ৱাই.চি নামৰ তিনি ছাত্ৰ সংগঠনে বোকাজান থানাত এক এজাহাৰ দাখিল কৰিছে ৷
সংগঠন কেইটাই গোলাঘাটৰ ঋতুৰাজ বৰা নামৰ এজন যুৱকৰ বিৰুদ্ধে তৰিছে এই অভিযোগ৷ এজাহাৰত উল্লেখ কৰা মতে এটা ব্যক্তিগত সংবাদমাধ্যমত কাৰ্বি আংলঙৰ এখন দলঙৰ এটা বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছত বাতৰিটোকলৈ ফেচবুকত অশালীন মন্তব্য দিছিল।
এই প্ৰসঙ্গত বৃহস্পতিবাৰে হাওৰাঘাটৰ পৰা চাৰিজন লোকক আৰক্ষীয়ে আটক কৰাৰ পাছত বোকাজান থানাত উক্ত সংগঠন কেইটাই গোলাঘাটৰ যুৱক জনৰ ওপৰতো অভিযোগ তুলি এজাহাৰ প্ৰদান কৰিছে ৷ গোলাঘাটৰ যুৱক জনে ফেচবুকত কৰা কেতবোৰ আপত্তিজনক মন্তব্যকলৈ লৈ সৰৱ হৈ পৰে ছাত্ৰসংগঠনকেইটা ।
ইয়াৰ পিছতে সংগঠন কেইটাই যুৱক জনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী তুলি এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিতেই ঋতুৰাজ বৰাৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৯৫(A) ধাৰাৰ ৮৪/২০ নং গোচৰত বোকাজান আৰক্ষী থানাত কেচ ৰুজু কৰা হৈছে।
The post এখন দলঙৰ এটা বাতৰিকলৈ বোকাজানত উত্তেজনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/312WURs
via IFTTT
Comments
Post a Comment