সেনা-আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা পুত্ৰ জয়ন্তৰ ফটো বুকুত লৈ ন্যায়ৰ বাবে ৰাজপথত নামিল মাতৃ….

ডিজিটেল সংবাদ, বেকাজানঃ চৰাইদেউৰ ৪২২ নং ফিল্ড ৰেজিমেণ্টে আৰু বৰহোলা আৰক্ষীৰ জিম্মাত ১৫ জুনত ৰহস্যজনক হত্যাৰ বলি হোৱা যোৰহাট বৰহোলাৰ গাভৰু আলি গাঁৱৰ নিৰীহ যুৱক জয়ন্ত বৰাৰ মৃত্যুৱে ইতিমধ্যে ৪৫ দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰে তদন্ত প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত বুধবাৰে জয়ন্ত বৰা ন্যায় দাবী সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বৰহোলাৰ ৰাজপথ উত্তাল কৰি তোলে ।
দুপৰীয়া বৰহোলাৰ থানাৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱ ছাত্ৰ পৰিষদ, ছাত্র মুক্তি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, চুতীয়া ছাত্র সন্থা , ঠেঙাল কছাৰী ছাত্ৰ সন্থা মানৱাধিকাৰ সংগ্ৰাম সমিতিকে ধৰি প্ৰায় দহটা সংগঠনৰ পাঁচ শতাধিক ৰাইজৰ সৈতে জয়ন্ত বৰাৰ মাতৃ লীলা বৰাই পুত্ৰৰ ফটো বুকুত বান্ধি লৈ প্ৰতিবাদত অংশ লয়। প্ৰতিবাদী ৰাইজে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ — ‘জয়ন্ত বৰাৰ হত্যাৰ ন্যায় আমাক লাগিব , যোৰহাট প্ৰশাসন হাঁয় হাঁয়, জয়ন্ত বৰাৰ তদন্ত প্ৰতিবেদন গাপ দিয়া নচলিব , অসম পুলিচ গ ‘বেক , ইণ্ডিয়ান আৰ্মি গ’বেক’ আদি শ্লগানেৰে শ , শ ৰাইজৰ বৰহোলাৰ ৰাজপথ উত্তাল কৰি তোলে ।
লগে লগে ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি তিতাবৰ মহকুমা প্ৰশাসনে বৰহোলা থানাৰ সন্মুখত বিশাল অৰ্ধ সামৰিক বাহিনীৰ দল মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । ইতিমধ্যে যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল উপস্থিত হৈ প্ৰতিবাদী ৰাইজক জয়ন্ত বৰাৰ তদন্ত যিহেতু চি আই ডিয়ে কৰি আছে গতিকে তদন্তৰ খাটিৰ বৰ্তমান একো প্ৰকাশ কৰিব নোৱাৰে বুলি অৱগত কৰি শান্ত কৰিবলৈ চেষ্টা কৰে যদিও ৰাইজে তেওঁক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে । আনকি উত্তেজিত ৰাইজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ সৈতে তৰ্কত লিপ্ত হয় ।
উল্লেখযোগ্য যে জয়ন্ত বৰাক সেনা- আৰক্ষীয়ে হত্যা কৰাৰ পিছত ৰাইজৰ নেৰানেপেৰা প্ৰতিবাদত একপ্ৰকাৰ বাধ্য হৈ অসম চৰকাৰৰ দায়িত্বশীল কেবিনেট মন্ত্ৰীয়ে ৭ দিনৰ সময়সীমা বিচাৰি দোষীক শাস্তি প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ ঘৰৰ পৰা কেৱল মাত্ৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ বিপৰীতে হত্যাকাণ্ডত জড়িত এজনো হত্যাকাৰীক গ্ৰেপ্তাৰো নকৰিলে । চৰকাৰে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি দি আজি পৰ্যন্ত জয়ন্তৰ তদন্তৰ কোনো প্ৰতিবেদন ৰাজহুৱা হোৱা নাই ।
সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত গুপ্তহত্যাৰ পুনৰাবৃত্তি ঘটিছে বুলি অভিযোগ কৰি চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে হত্যাৰ অভিযুক্তই মুকলি আকাশৰ তলত থাকিব নোৱাৰে গতিকে জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতি আজি এনেদৰে পুনৰাই ৰাজপথলৈ ওলাই আহিছে । বৰহোলা থানাৰ সন্মুখত প্ৰতিবাদী ৰাইজক উদ্দেশি জয়ন্ত বৰা ন্যায় সমিতিৰ আহ্বায়ক তথা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিবাদস্থলী বিদ্যুৎ শইকীয়াই কয় যে – “এইখন অসম চৰকাৰৰ দিনত অসমবাসী ৰাইজ এতিয়া সম্পূৰ্ণৰূপে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে ।অসম চৰকাৰৰ অসম আৰক্ষীয়ে ভাৰতীয় সেনাৰ সহযোগত নিশা ১২ বজাত বৰহোলা তিতাবৰৰ নিৰীহ অসমীয়া তেজাল যুৱক জয়ন্ত বৰাক মাকৰ বুকুৰ পৰা আজুৰি নি ২০ মিনিটৰ ভিতৰত হত্যা কৰিলে ।
তাৰ পাছত তথ্য প্ৰমানসহকাৰে মাতৃয়ে অভিযুক্ত আৰক্ষী আৰু সেনা বিষয়া বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ,স্থানীয় দল-সংগঠন আৰু ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তুলিলে আৰু প্ৰতিবাদত বাধ্য হৈ কেবিনেট মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অহা চৰকাৰৰ প্ৰতিনিধিয়ে ২৪ ঘন্টাৰ ভিতৰত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হৈ ৭ দিনৰ ভিতৰত তদন্ত কৰি দোষীক শাস্তি দিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰিলে ।কিন্তু আজি ৪৫ টা দিন ওকলি গ’ল । তদন্ত কি হ’ল? দোষীক চিনাক্ত হ’ল নে? একোৱে দুভৰ্গীয়া মাতৃ,পৰিয়াল আৰু স্থানীয় দল- সংগঠন তথা ৰাইজ অাজিও অৱগত নহ’ল।
যাৰ বাবে আজি মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী আসনত বহি থকা জাতীয় নায়ক সৰ্বানন্দ সোনোৱালক একমাত্ৰ পুত্ৰ হত্যাৰ ন্যায় বিচাৰি বুকুত পুত্ৰ ফটো সাবতি ৰাজপথলৈ ওলায় আহিব লগা হৈছে।তাতকৈ অাৰু কিবা প্ৰতিবাদৰ ভাষা থাকিব পাৰে নে?ছাত্ৰ নেতা জনে লগতে মুখ্যমন্ত্ৰলৈ প্ৰশ্ন কৰে যে এনেকৈয়ে আপোনাৰ গৃহ বিভাগে নিৰীহ অসমীয়া তেজাল যুৱকক হত্যা কৰিব অাৰু তদন্ত নামত কেৱল ভেকোভাওনা চলিব ।
এনেকৈয়ে আৰু কিমান মাতৃৰ বুকু শুদা কৰিব?কেৱল ক্ষতিপূৰন দি তদন্ত ঘোষণা কৰিয়েই আপোনাৰ দায়িত্ব শেষ হয় ,ইয়াৰ পৰিনাম আপুনি ভোগ কৰিব ।সময় বৰ নিষ্ঠুৰ ।এই মাতৃৰ কান্দোনবোৰৰ প্ৰতি টোপাল চকুপানীৰ মুল্য সময়ে অাপোনাৰ পৰা বিচাৰিব । আনহাতে বিশিষ্ট অধিবক্তা হেমেন বৰাই কয়, চৰকাৰে যিহেতু জয়ন্ত বৰাৰ হত্যাৰ তদন্ত ৰাজহুৱা কৰা নাই গতি ন্যায় বিচাৰি ৰাইজ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব।
আহ্বায়ক নৰেন বৰা, অংশুমান শইকীয়া, অংকুৰ সোনোৱাল, সুপ্ৰতিম ৰাজখোৱাই নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্যসূচীত ব্যক্তব্য আগবঢ়াই বিশিষ্ট লেখক দিব্যজ্যোতি শৰ্মা , যুৱ ছাত্ৰ পৰিষদৰ বৰহোলা অঞ্চলিকৰ সভাপতি মিলন গগৈ, সম্পাদক বিজু শইকীয়া, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাজবাঢ়ৈ বৰা, যোৰহাট জিলা সম্পাদক জীৱন চুতীয়া, ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰফুল্ল শইকীয়া, কৃষক মুক্তিৰ যোৰহাট জিলাৰ সম্পাদক প্ৰমোদ গগৈ, সহকাৰী সম্পাদক ৰাজীৱ চুতীয়া, নিতুল শইকীয়াই সোচ্ছাৰ হৈ কয় যে জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্ত কি পৰ্য্যায়ত আছে, কিয় ক্ষমতাত মত্ত আৰক্ষী সেনা বিষয়াক গ্ৰেপ্তাৰ কৰা নাই তাৰ উত্তৰ বিচাৰি ৰাইজে পুনৰাই আৰম্ভ কৰিছে ন্যায় দাবীৰ সংগ্ৰাম ।
যদি চৰকাৰে অহা সাত দিনৰ ভিতৰত ললিত গগৈৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা নকৰে তেতিয়া হলে ন্যায় সমিতিয়ে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব। আৰু ন্যায় দাবী সমিতিয়ে চৰকাৰলৈ সকীয়নী দি কয়- যিদিনালৈকে দোষীৰ শাস্তি প্ৰদান কৰা নহব সেইদিনালৈকে চৰকাৰৰ অৱহেলা, বঞ্চনাৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে এই সংগ্ৰাম আগুৱাই নিয়া হব।
The post সেনা-আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা পুত্ৰ জয়ন্তৰ ফটো বুকুত লৈ ন্যায়ৰ বাবে ৰাজপথত নামিল মাতৃ…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P54RQB
via IFTTT
Comments
Post a Comment