গ্ৰেপ্তাৰ হ’ব ৰিয়া চক্ৰৱৰ্তী! সুশান্তৰ পিতৃয়ে তৰিলে গোচৰ…

ডিজিটেল ডেস্কঃ বলিউদৰ প্ৰখ্যাত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কাণ্ডকলৈ সৃষ্টি হৈছে নতুন ৰহস্যৰ। পুত্ৰৰ আকস্মিক মৃত্যুক এতিয়াও সহজভাৱ ল’ব পৰা নাই সুশান্তৰ পিতৃয়ে। সুশান্তৰ আত্মহত্যাৰ তথ্য আহৰণৰ ক্ষেত্ৰত মুম্বাই আৰক্ষীৰ তদন্তকলৈ অসন্তুষ্ট পিতৃ কে কে সিঙে পাটনাৰ ৰাজীৱ নগৰ থানাত তৰিলে এক নতুন গোচৰ।

সুশান্তক আত্মহত্যা কৰিবলৈ উচতিন দিয়াৰ অভিযোগ তুলি সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন দুজনৰ বিৰুদ্ধে গোচৰ তৰিছে সুশান্তৰ পিতৃয়ে। পিতৃৰ এজাহাৰ ২৪১/২০ৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১,৩৪২,৩৮০,৪০৬,৪২০,৩০৬,৫০৬ আৰু ১২০বি ধাৰাত এফ আই আৰ ৰুজু কৰিছে অভিযুক্তসকলৰ বিৰুদ্ধে।

পাটনা চেন্ট্ৰেল ৰেঞ্জৰ আইজি সঞ্জয় সিঙৰ মতে সুশান্তৰ পিতৃৰ অভিযোগৰ ভিত্তিত তিনিজনৰ ওপৰত সুশান্তক আত্মহত্যা কৰিবলৈ উচতনি দিয়াৰ লগতে কেইবাটাও ধাৰাত ৰাজীৱ নগৰ থানাত গোচৰ ৰুজু কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে তদন্তৰ বাবে চাৰিজনীয়া আৰক্ষীৰ দল মুম্বাইলৈ ৰাওনা হৈছে বুলি মন্তব্য আইজি সঞ্জয় সিঙৰ।

The post গ্ৰেপ্তাৰ হ’ব ৰিয়া চক্ৰৱৰ্তী! সুশান্তৰ পিতৃয়ে তৰিলে গোচৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30UHiiR
via IFTTT

Comments