বকোত বিদ্যুতস্পৃষ্টহৈ এজনৰ মৃত্যু…

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকো বিদ্যুৎ উপ-সংমণ্ডলত কাম কৰা এগৰাকী অস্থায়ী কৰ্মচাৰীৰ মঙ্গলবাৰে নিশা বিদ্যুৎ স্পৃষ্টহৈ মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বকো থানাৰ সোনতলী আৰক্ষী চকীৰ অন্তৰ্গত বগৰীগুৰীত বিদ্যুৎ উপভোক্তা সকলক বিদ্যুৎ মাচুল আদায় দিয়াৰ আহ্বান জনাই মাইক যোগে প্ৰচাৰ চলাই আছিল বিদ্যুৎ উপ-সংমণ্ডলৰ দুই অস্থায়ী কৰ্মচাৰী ক্ৰমে আলি মামুদ আৰু নুৰুল আলিয়ে।
বানপানীৰ বাবে নাৱেৰে প্ৰচাৰ চলাই থকা অৱস্থাতে দুৰ্ভাগ্যক্ৰমে এডাল বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি গুৰুতৰভাৱে আহত হয় দুয়ো। দুয়োকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে বকো প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও আলি মামুদৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।
অৱশ্যে সংকটজনক অৱস্থাত বিদ্যুৎ উপ-সংমণ্ডলৰ আনগৰাকী অস্থায়ী কৰ্মচাৰী নুৰুল আলিক উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
The post বকোত বিদ্যুতস্পৃষ্টহৈ এজনৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39DfXpu
via IFTTT
Comments
Post a Comment