ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্য প্ৰসাদ উপাধ্যায়ৰ মৃত্যু …

ডিজিটেল সংবাদ,ওৰাংঃ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্য প্ৰসাদ উপাধ্যায়ৰ মৃত্যু । দিছপুৰ জি এন আৰ চি হাস্পতালত মঙ্গলবাৰে নিশা মৃত্যু হয় অধ্যক্ষ গৰাকীৰ। জানিব পৰা মতে কিছুদিনৰে পৰা উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ দিছপুৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল অধ্যক্ষ গৰাকী ।

উল্লেখ্য যে দিছপুৰ জি এন আৰ চিত চিকিৎসা চলি থকা অৱস্থাতে ২২ জুলাইত কোৰোনাৰ অৱস্থিতি ধৰা পৰে উপাধ্যায়ৰ শৰীৰত। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত শিক্ষকগৰাকীৰ কোভিড টেষ্ট নিগেটিভ আহিছিল যদিও মধুমেহ, উচ্চ ৰক্তচাপৰ ফলতে মঙ্গলবাৰে নিশা দিছপুৰ জি এন আৰ চি হাস্পতালত মৃত্যু হ’য় অধ্যক্ষ গৰাকীৰ। তেওঁৰ মৃত্যুত ওৰাং শাখা সাহিত্য সভা, শিক্ষক সমাজ, ওৰাং প্ৰেছ ক্লাব আৰু বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।

The post ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্য প্ৰসাদ উপাধ্যায়ৰ মৃত্যু … appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/39BKovV
via IFTTT

Comments