বকোত বন্যাৰ্তই তিৰ্পাল নোপোৱাৰ ক্ষোভত প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসক ঘেৰাও…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্তই কালি তিৰ্পালৰ বাবে দাবী জনাইছে অসম গণ পৰিষদ দলৰ জ্যোষ্ঠ নেতা তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসক ঘেৰাও কৰা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে বকো থানাৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত শালমাৰাত থকা বন্যাৰ্তৰ আশ্ৰয় শিবিৰ এটাত কালি বিয়লি অগপ দলৰ জ্যোষ্ঠ নেতা গৰাকীয়ে উপস্থিত হোৱাৰ লগে লগে আশে-পাশে থকা বন্যাৰ্তই নেতা গৰাকীক ঘেৰি ধৰে। বন্যাৰ্তই ৰ’দ-বৰষুণৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত তিৰ্পাল পোৱা নাই বুলি অভিযোগ কৰে। ইয়াৰ উপৰিও পশু খাদ্যৰ অভাৱ হোৱা বুলিও জনায়। অগপ নেতা গৰাকীয়ে লগত লৈ যোৱা পশু খাদ্য লগে লগে উলিয়াই বন্যাৰ্তৰ মাজত বিতৰণ কৰাতহে ৰাইজ ক্ষান্ত হয় ।

বন্যাৰ্তৰ মাজত তিৰ্পালৰ ব্যৱস্থা কৰাৰো জ্যোষ্ঠ নেতা গৰাকীয়ে আশ্বাস প্ৰদান কৰে। ইয়াৰ পিচতে অগপ নেতা গৰাকীয়ে বালিঝাৰ বজাৰত বজাৰ সমিতিৰ কাৰ্য্যালয়ত অগপ কৰ্মী আৰু একাংশ ৰাইজৰ লগত বহি কেনেদৰে বানপীড়িত ৰাইজৰ সমস্যা সমূহ সমাধান কৰিব পৰা যায় সেই বিষয়ে পৰ্যালোচনা কৰে।

বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ যিহেতু অসম গণ পৰিষদ দল গতিকে জ্যোতি প্ৰসাদ দাসে বকোৰ বন্যাৰ্তৰ সমস্যাৰ বিষয়ে চৰকাৰৰ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰ্যালোচনাত। জ্যোষ্ঠ নেতা গৰাকীৰ সৈতে বানপীড়িত লোকৰ কাষত থিয় হয় আঞ্চলিক ৰাজনৈতিক দলটোৰ যুৱ নেতা কৃষ্ণ কান্ত কলিতা, নিছ কল ৰয়, প্ৰফুল্ল দলৈ আদিকে ধৰি বহু বিশিষ্ট নেতা-কৰ্মীয়ে।

উল্লেখযোগ্য যে অসম গণ পৰিষদ দলৰ জ্যোষ্ঠ নেতা তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাস সহ দল এটাই বকোৰ ভখুৰাদিয়া, ৰঙ্গেশ্বৰী আৰু পাহাৰপাৰাৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বন্যাৰ্তৰ খা-খবৰ লৈ চিৰা, চেনী আদি খাদ্য সামগ্ৰী বিতৰণ কৰে। অভিযোগ মতে সেই ঠাইবোৰতো বন্যাৰ্তই অগপ নেতা গৰাকীৰ সন্মুখত পৰ্যাপ্ত তিৰ্পাল নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰে।

The post বকোত বন্যাৰ্তই তিৰ্পাল নোপোৱাৰ ক্ষোভত প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসক ঘেৰাও… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/300gcYc
via IFTTT

Comments