জালিয়াতিত জড়িত পাঠানজিটৰ বিৰুদ্ধে আইনগতভাৱে ব্যবস্থা লোৱাৰ ঘোষণা বিশ্বজিতৰ

বন বিভাগৰ ৰয়েলিটি চাৰ্টিফিকেট নকল কৰি অবৈধ বেহা চলাই যোৱা উমৰাংছুৰ পাথানজিট জাৰাম্বুছাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এজাহাৰ দাখিল আৰু পাঠানজিটক পৰিষদৰ গেষ্ট হাউচত মাতি নি মাৰপিট কৰা কাৰ্যক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও।

শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিছে পাৰ্বত্য জিলা পৰিষদ কৰ্তৃপক্ষই।

সোমবাৰে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ত ইএম বিশ্বজিৎ দাউলাগুপুয়ে এক সংবাদ মেল পাতি কয় যে পাঠানজিটৰ দৰে ব্যক্তিৰ কাৰণে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে প্ৰতি মাহে লক্ষ লক্ষ টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘’কেতিয়াৰ পৰা এই কাৰ্য চলি আহিছে ক’ব নোৱাৰো কিন্তু এতিয়াৰ পৰা তেনে কাৰ্য বন্ধ কৰাৰ কাৰণে ব্যবস্থা লোৱা হ’ব। আৰু এই জালিয়াতি কাৰ্যৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে আইনগতভাৱে ব্যবস্থা লোৱা হ’ব।‘’

দাউলাগুপুয়ে কয় যে অলপতে পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এটা প্ৰতিনিধি দল উমৰাংছুত এক বৈঠকত ভাগ লোৱাৰ পাছত নেপক’ কৰ্তৃপক্ষৰ সৈতে বন বিভাগৰ এফআৰচিচি অৰ্থাৎ ফৰেষ্ট ৰয়েলিটি ক্লিয়াৰেনছ চাৰ্টিফিকেট সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়।

সেই বৈঠকত পোহৰলৈ আহে যে পাঠানজিট জাৰাম্বুছা নামৰ এগৰাকী ঠিকাদাৰে এফআৰচিচি যোগান ধৰে। লগে লগে তেওঁক মাতি পঠোৱা হয় আৰু ইয়াৰ পাছত প্ৰাথমিক তদন্তত নেপক’ৰ স্থানীয় ঠিকাদাৰ পাঠানজিট জাৰাম্বুচা জড়িত থকাৰ বিষয় স্পষ্ট হৈ পৰে।

উল্লেখ্য যে পাঠানজিটে প্ৰাক্তন ডিএফঅ’ এন জেমিৰ স্বাক্ষৰ নকল কৰি এফআৰচিচি প্ৰস্তুত কৰিছিল।

পাঠানজিটে হাফলং আৰক্ষী থানাত পৰিষদৰ চিইএম দেব’লাল গার্লছা আৰু পৰিষদ সদস্য ৰতন জাৰাম্বুছাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰত মাৰপিটৰ বিষয়ে উল্লেখ কৰা হয়।

অৱশ্যে, হাফলং আৰক্ষী থানাত ৰুজু কৰা এজাহাৰত হাফলঙৰ পৰিষদৰ গেষ্ট হাউচত মাতি আনি পাঠানজিটক মাৰপিটৰ ঘটনা সম্পূৰ্ণ মিছা আৰু মনে সজোৱা ৰাজনৈতিক অভিসন্ধি থকা ষড়যন্ত্ৰ বুলি মন্তব্য কৰে দাউলাগুপুয়ে।

ইএম দাউলাগুপুৰ ভাষ্য অনুসৰি পাঠানজিটৰ পথ দুৰ্ঘটনাত মুৰত আৰু শৰীৰৰ আন আন অংশত আঘাত লাগে।

সংবাদ মেলত আন আন ইএম সকলৰ ভিতৰত উপস্থিত থাকে ইএম নন্দিতা গার্লছা, পৰিষদ সদস্য নজিৎ কেম্প্ৰাই, বিজিত লাংঠাচা আৰু ৰতন জাৰাম্বুচা।

The post জালিয়াতিত জড়িত পাঠানজিটৰ বিৰুদ্ধে আইনগতভাৱে ব্যবস্থা লোৱাৰ ঘোষণা বিশ্বজিতৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3bi1Kz4
via IFTTT

Comments