প্ৰচলিত ধাৰণাত ‘আনলাকি ১৩’ কেনেকৈ প্ৰনব মুখাৰ্জীৰ বাবে হৈ পৰিছিল লাকী নম্বৰ?
সোমবাৰে দেশৰ প্ৰাক্তন ৰা্ষ্ট্ৰপতি ভাৰতৰত্ন প্ৰনব মুখাৰ্জীৰ দেহাৱসান ঘটে। ভাৰতৰ ৰাজনীতিৰ চানক্য হিচাপে পৰিচিত মুখাৰ্জীৰ বৰ্ণাঢ্য জীৱন এক ঈৰ্ষণীয় সাফল্য আৰু আদৰ্শৰ মাজেৰে প্ৰৱাহিত হৈছিল।
সাধাৰণতে ১৩ নম্বৰ সংখ্যাটো সকলোৱেই আনলাকি বা দুৰ্ভাগ্যসূচক সংখ্যা হিচাপে মানি আহিছে। আনকি এই সংখ্যাটোৰ বাবেই বহুতে নিজৰ পথ পৰিক্ৰমা সলনি কৰিবলৈকো সাজু হৈ পৰে।
কিন্তু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীৰ বাবে এই সংখ্যাটো যেন আছিল সৌভাগ্যৰ প্ৰতীক।
ভাৰতৰত্ন মুখাৰ্জীৰ এই ১৩ সংখ্যাৰ সৈতে বহু সু-সংযোগ ঘটিছে। ১৯৫৭চনৰ ১৩ জুলাইত প্ৰনব মুখাৰ্জীয়ে বিবাহৰ জৰিয়তে তেওঁৰ যুগ্ম জীৱন আৰম্ভ কৰিছিল।
পৰৱৰ্তী সময়ত সাংসদ প্ৰনব মুখাৰ্জীৰ কাৰ্যালয়ৰ নম্বৰো আছিল ১৩।
ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে প্ৰনব মুখাৰ্জী যিটো ঘৰত আছিল তাতো ১৩ সংখ্যাৰ যোগ আছিল। সেই ঘৰৰ ঠিকনা আছিল- ১৩, তালকাটোৰা ৰ’ড।
কেবিনেট মন্ত্ৰী হিচাপে প্ৰট’কল অনুসৰি টাইপ আঠ বাংলো পালেও সেই তালকাটোৰাৰ টাইপ সাত বাংলোতেই আছিল তেওঁৰ পৰিয়াল।
সেই বাংলো প্ৰনব মুখাৰ্জীৰ বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সাক্ষী হৈ ৰৈছে। মুখাৰ্জীৰ পৰিয়ালে সেই বাংলোটোক সৌভাগ্যসূচক বুলি বিশ্বাস কৰিছিল।
আনকি প্ৰনব মুখাৰ্জী প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ পাছতো সেই বাংলো এৰি যাবলৈ ৰাজী নহ’ল মুখাৰ্জীৰ পত্নী শুভ্ৰা দেৱী। সম্পূৰ্ণ ১৭ বছৰ পৰিয়ালৰ সৈতে সেই বাংলোত কটাইছিল প্ৰনব মুখাৰ্জীয়ে।
ইয়াৰ পাছত ২০১২ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ সেই ঘৰ এৰিবলগীয়া হৈছিল।
কিন্তু এইবাৰো ‘আনলাকি ১৩’য়ে প্ৰনব মুখাৰ্জীৰ সৌভাগ্যৰ সংগ এৰা দিয়া নাছিল। কিয়নো তেওঁ আছিল দেশৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতি।
The post প্ৰচলিত ধাৰণাত ‘আনলাকি ১৩’ কেনেকৈ প্ৰনব মুখাৰ্জীৰ বাবে হৈ পৰিছিল লাকী নম্বৰ? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2YOtmqb
via IFTTT
Comments
Post a Comment