মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৬০০০ অতিক্ৰম; মৃতকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি
মণিপুৰত মঙলবাৰে ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬৩৮২ গৰাকীলৈ বৃদ্ধি পাইছে।
আনহাতে, ৰাজ্যখনত বৰ্তমানলৈ চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাও ৪,৪৫০ গৰাকীলৈ বৃদ্ধি পাইছে।
বিগত ২৪ ঘণ্টাত ৮৩ গৰাকী পুৰুষ আৰু ৪৪ গৰাকী মহিলাকে ধৰি মুঠ ১২৭ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
মণিপুৰৰ পশ্চিম ইম্ফল, পূৱ ইম্ফল, থৌবাল, তামেংগলং, জিৰিবাম, বিষ্ণুপুৰ, চুৰাচান্দপুৰ, উখৰুল, সেনাপতি আৰু কাংগপোই জিলাত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা লোক কেইগৰাকী চিনাক্ত হৈছে।
ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ১২৭ গৰাকী লোকৰ ভিতৰত ১২৫ গৰাকী লোকৰ কোনোধৰণৰ ভ্ৰমণৰ ইতিহাস নায়।
আটাইকেইগৰাকী ক’ৰ’না আক্ৰান্ত লোককে বৰ্তমান ৰাজ্যখনৰ কোভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে।
ৰাজ্যখনত বিগত ২৪ ঘণ্টাত এগৰাকী ৫৫ বছৰীয়া মহিলাই ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধই পায়।
উল্লেখযোগ্য যে, মণিপুৰত বিগত ২৪ ঘণ্টাত নতুনকৈ ১২৭ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হলেও ১২০ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।
The post মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৬০০০ অতিক্ৰম; মৃতকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2EMk8E8
via IFTTT
Comments
Post a Comment