আই পি এল : সুৰেশ ৰাইনাৰ স্থানত মূল একাদশত স্থান পাব ৰিতুৰাজ গায়কোৱাডে
ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ এইবাৰৰ ছিজনৰ পৰা চেন্নাই ছুপাৰ কিংছৰ অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই নাম প্রত্যাহাৰ কৰাৰ পাছত তেওঁৰ স্থানত মূল একাদশত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে ৰিতুৰাজ গায়কোৱাডক৷
৫০ৰো অধিক লিষ্ট-এ খেলত অংশ লোৱা ৰিতুৰাজে য়ু এ ইলৈ অহাৰ পূৰ্বে চেন্নাইত অনুষ্ঠিত অনুশীলন শিৱিৰত অধিনায়ক ধোনীৰ লগতে টিম মেনেজমেণ্টক আকৰ্ষিত কৰিছিল।
এটা সূত্ৰৰ পৰা জানিব পৰা মতে চেন্নাই ছুপাৰ কিংছে প্ৰথম কেইখনমান মেচত গায়কোৱাডক তিনি নম্বৰত বেটিং কৰাৰ সুযোগ দিব।
উল্লেখ্য যে বৰ্তমান চেন্নাইৰ বেগী বলাৰ দীপক চাহাৰৰ লগতে ৰিতুৰাজ গায়কোৱাড ক’ভিড-১৯ত আক্ৰান্ত হৈ আইছ’লেশ্যনত আছে।
এই দুয়োগৰাকী খেলুৱৈয়ে অহা ১০ ছেপ্তেম্বৰত দলত যোগ দিব পাৰিব যদিহে ক’ভিড টেষ্ট নিগেটিভ আহে।
সোহতীয়া বিস্ফোৰক বেটছমেন ৰিতুৰাজে ভাৰত এ, ভাৰত বি, অনূৰ্ধ্ব-২৩ৰ উপৰি মহাৰাষ্ট্রৰ জুনিয়ৰ দলত অংশগ্রহণ কৰিছিল৷
২০১৮-১৯ বর্ষৰ বিজয় হাজাৰে ট্রফীত ৰিতুৰাজ আছিল আগশাৰীৰ ৰান স্ক’ৰাৰ৷
ইফালে ২০১৮-১৯ ছিজনৰ ছৈয়দ মুস্তাক আলী ট্রফীৰ প্রথম ছোৱাত তেওঁ মহাৰাষ্ট্রৰ হৈ সর্বাধিক ৰান কৰিছিল।
উল্লেখ্য যে অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণৰ বাবে চলিত ছিজনৰ আই পি এলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে।
The post আই পি এল : সুৰেশ ৰাইনাৰ স্থানত মূল একাদশত স্থান পাব ৰিতুৰাজ গায়কোৱাডে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2QS1E7z
via IFTTT
Comments
Post a Comment