এটা দিনৰ বিৰতিৰ মূৰত পুনৰ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

১ দিনৰ বিৰতিৰ মূৰত অৰ্থাৎ আজি দেশত পেট্ৰ’লৰ দাম পুনৰ বৃদ্ধি পালে। মঙলবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৫ পইচা বৃদ্ধি কৰে অয়েল মাৰ্কেটিং কম্পেনিয়ে।

দিল্লী, মুম্বাই, কলকাতাত প্ৰতি লিটাৰত ৫ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে চেন্নাইত প্ৰতি লিটাৰত চাৰি পইচা বৃদ্ধি পাইছে।

ইফালে প্ৰতি লিটাৰ ডিজেলৰ মূল্য অপৰিৱৰ্তিত ৰূপত আছে।

উল্লেখ্য যে যোৱা ১৭ দিনত ১৩ বাৰ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য। এই ১৭ দিনত পেট্ৰ’লৰ মূল্য সৰ্বমুঠ ১.৬৫ টকা বৃদ্ধি হৈছে।

ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি দিল্লী, মুম্বা, কলকাতা আৰু চেন্নাইত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ক্ৰমে ৮২.০৮ টকা, ৮৮.৭৩ টকা, ৮৩.৫৭ টকা আৰু ৮৫.০৪ টকা।

উল্লেখ্য যে অয়েল মাৰ্কেটিং কোম্পানিয়ে দামৰ সমীক্ষাৰ অন্তত প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰে।

ইণ্ডিয়ান অইল, ভাৰত পেট্ৰ’লিয়াম, হিন্দুস্তান পেট্ৰ’লিয়ামে প্ৰতিদিনে ৰাতিপুৱা ৬ বজাত পেট্ৰ’ল-ডিজেলৰ সংশোধিত মূল্য প্ৰকাশ কৰে।

The post এটা দিনৰ বিৰতিৰ মূৰত পুনৰ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2EUT3yd
via IFTTT

Comments