ভাৰতত অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; ৩৬ লাখ ৮৭ হাজাৰৰো অধিক লোক আক্ৰান্ত
দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৭৮,৫১২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৭১ গৰাকী ৰোগী।
দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩৬,৮৭,৯৩৯ গৰাকী মৃত্যু হৈছে ৬৫,৪৩৪ গৰাকী।
উল্লেখ্য যে দেশত এতিয়া ৭,৮৪,৫৪০ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৮,৩৭,৩৭৭ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।
ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।
আনহাতে আই চি এম আৰে জনোৱা অনুসৰি ৩০ আগষ্টলৈ দেশৰ ৪,২৩,০৭,৯১৪ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ৮,৪৬,২৭৮ গৰাকী লোকৰ টেষ্ট সোমবাৰে কৰা হৈছে।
The post ভাৰতত অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; ৩৬ লাখ ৮৭ হাজাৰৰো অধিক লোক আক্ৰান্ত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2YPWoG2
via IFTTT
Comments
Post a Comment