আজি ২ বজাত সম্পন্ন হ’ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য
সোমবাৰে মৃত্যুক সাৱটি লোৱা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব।
দুপৰীয়া ২ বজাত লোধী ৰ’ড স্মশান ঘাটত তেওঁৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।
ইফালে, অনুৰাগী তথা গুণমুগ্ধসকলে যাতে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ বাবে প্ৰণৱ মুখাৰ্জীৰ পাৰ্থিৱ শৰীৰটো ৰাষ্ট্ৰীয় ৰাজধানীত থকা চৰকাৰী আৱাসগৃহত ৰাখিব।
শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় ১১ বজাৰ পৰা ১২ বজালৈকে নিৰ্ধাৰিত কৰিছে।
উল্লেখ্য যে ক’ভিড প্ৰট’কল মানি চলিহে প্ৰাক্তন ৰাষ্ট্ৰপতিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। চৰকাৰী লোকসকলে ৰাতিপুৱা ৯.১৫ বজাৰ ১০.১৫ বজালৈকে আৰু অন্যান্য লোকসকলে ১০.১৫ ৰ পৰা ১১ বজালৈকে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।
প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। এই সময়ত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত নিয়মিতভাৱে উৰি থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত থাকিব।
উল্লেখ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে সোমবাৰে সন্ধিয়া ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
The post আজি ২ বজাত সম্পন্ন হ’ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/31MDoKx
via IFTTT
Comments
Post a Comment