আন্দোলন স্থগিত; আজিৰ পৰা পুনৰ অভিযান আৰম্ভ নৰ্থ-ইষ্ট পেকড ট্ৰেন্সপ’ৰ্ট এছচিয়েশ্যনৰ
উত্তৰ পূৰ্বাঞ্চল এল পি জি গেছ ছিলিণ্ডাৰ গ্ৰাহকলৈ সুখখবৰ। সাধাৰণ জনসাধাৰণে চিন্তিত হৈ থকাৰ সময়তে নৰ্থ-ইষ্ট পেকড ট্ৰেন্সপ’ৰ্ট এছ’চিয়েশ্যনয়ে যোৱা ২৭ আগষ্টৰ পৰা অনিৰ্দিষ্ট কাললৈ আৰম্ভ কৰা আন্দোলন স্থগিত ৰাখিছে ।
এই সন্দৰ্ভত সন্থাৰ উপদেষ্টা কুমুদ নাথে কয় যে মঙলবাৰে ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰী, গৃহ আয়ুক্ত আৰু ইণ্ডিয়ান অইল কৰপ’ৰেশ্যনৰ সৈতে এক ত্ৰিপাক্ষিক আলোচনাত মিলিত হৈছিলো।
উক্ত আলোচনাত এল পি জি পৰিবহনৰ বাবে মূল্যবেদন পত্ৰ দিয়াৰ সময়সীমা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। লগতে নতুন ভাড়াৰ ক্ষেত্ৰত সন্থাৰ সৈতে আলোচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে।
‘এনেবোৰ প্ৰতিশ্ৰুতিৰ বাবেই আমি আমাৰ আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু বুধবাৰৰ পৰা পুনৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো’, এইদৰে কয় কুমুদ নাথে।
উল্লেখ্য যে নৰ্থ ইষ্ট পেকড ট্ৰেন্সপ’ৰ্ট এছচিয়েশ্যনৰ আন্দোলনে মঙলবাৰে ৬দিনত ভৰি দিয়াৰ পিছত উত্তৰ-পূবত এল পি জি ছিলিণ্ডাৰৰ অভাৱ হোৱাৰ যি আশংকা সেয়া বৃদ্ধি পাইছিল।
এটা সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ২৭ আগষ্টৰ পৰা আৰম্ভ হোৱা এই আন্দোলনৰ ফলত উত্তৰ-পূবত প্ৰতিদিনেই প্ৰায় ১.৫ লাখ লোক ক্ষতিগ্ৰস্ত হ’ব লগা হৈছে।
The post আন্দোলন স্থগিত; আজিৰ পৰা পুনৰ অভিযান আৰম্ভ নৰ্থ-ইষ্ট পেকড ট্ৰেন্সপ’ৰ্ট এছচিয়েশ্যনৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/31PhHti
via IFTTT
Comments
Post a Comment