প্রাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি; প্লাজমা, অক্সিজেন দিয়াৰ পাছত এতিয়া সুস্থিৰ

ক’ৰ’ণাত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছে প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈ।

সোমবাৰে নিশা প্ৰায় ১১:৩০ ত দেহত অক্সিজেনৰ পৰিমাণ ৮৮ শতাংশ লৈ হ্ৰাস পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে এই কথা।

ইয়াৰ পাছতে স্বাস্থ্য মন্ত্ৰীগৰাকী ততাতয়াকৈ নিশাই GMCH ত উপস্থিত হয়গৈ।

অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাত নিশাই চিকিৎসকে এক ইউনিত প্লাজমা দিয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে অক্সিজেন যোগান ধৰে।

তাৰ পাছতে তৰুণ গগৈৰ দেহত অক্সিজেনৰ পৰিমাণ ৯৬-৯৭ শতাংশলৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে টুইটত জনায়।

আনহাতে, নিশাই গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে।

তদুপৰি, সঘনে GMCH কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থকা বুলি তেওঁ টুইটযোগে জনাইছে।

বৰ্তমানো চিকিৎসা চলি আছে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ।

ক’ৰ’ণাত আক্ৰান্ত হৈছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দেহত কোনো উপসৰ্গ বা লক্ষণ নাছিল।

GMCH ত ভৰ্তি কৰাৰ পাছতো তেওঁ কালি পৰ্যন্ত তেওঁ সুস্থ আছিল।

যোৱা ৩০ আগষ্টৰ দিনা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈৰ স্বাস্থ্যৰ খবৰ ল’বলৈ GMCH লৈ গৈছিল।

যোৱা ২৬ আগষ্টত ক’ৰ’ণাত আক্ৰান্ত হৈছিল গগৈ।

বৰ্তমান গগৈ কিছু পৰিমাণে সুস্থ হৈ উঠিছে বুলি জনাইছে।

The post প্রাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি; প্লাজমা, অক্সিজেন দিয়াৰ পাছত এতিয়া সুস্থিৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2QEy4CH
via IFTTT

Comments