জাতীয় পতাকাক লৈ মেহবুবা মুফটিৰ বিতৰ্কিত মন্তব্যৰ পাছত পিডিপি এৰিলে তিনিগৰাকী নেতাই

সুদীৰ্ঘ ১৪মাহ ধৰি গৃহবন্দী হৈ থকাৰ পাছত যোৱা ১৩ অক্টোবৰত মুকলি হয় জম্মু-কাশ্মীৰৰ পিডিপি পার্টিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফটি।

গৃহবন্দিত্বৰ পৰা মুকলি হৈয়েই মেহবুবাই কাশ্মীৰৰ ৩৭০ধাৰা উভতাই দিয়াৰ দাবী তোলাৰ পাছত যোৱা শুকুৰবাৰে তেওঁ কাশ্মীৰৰ পতাকা ঘুৰাই দিয়াৰো দাবী জনায়।

তেওঁ আনকি কয় যে সেয়া নহ’লে তেওঁ জাতীয় পতাকাকো সন্মান নজনায়।

মেহবুবা মুফটিৰ এই মন্তব্যৰ পাছতে তেওঁৰ বিৰুদ্ধে ক্ষোভ উজাৰি পিডিপিৰ তিনিগৰাকী নেতাই দলৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰা নেতা তিনিগৰাকী হৈছে টি এছ বাজৱয়া, বেদ মহাজন আৰু হুছেইন এ ওয়াফা।

পিডিপিৰ মুৰব্বী মেহবুবা মুফটিলৈ লিখা এখন পত্ৰত তেওঁলোকে লিখিছে যে পিডিপিৰ মুৰব্বীগৰাকীৰ কিছুমান কথাবাৰ্তা তথা কৰ্মকাণ্ডৰ ফলত তেওঁলোক অস্বস্তিত পৰিছে।

নেতা তিনিগৰাকীয়ে বিশেষকৈ দেশপ্ৰেমক আঘাতহনা ধৰণৰ কিছু মন্তব্যৰ বাবে অপ্ৰস্তুত হৈ পৰা বুলি ব্যক্ত কৰে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে এখন জনসভাত ভাষণ দিয়াৰ সময়ত মেহবুবা মুফটিয়ে ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল।

ভাষণ প্ৰসংগত তেওঁ কৈছিল,’’যেতিয়ালৈকে কাশ্মীৰৰ নিজস্ব পতাকা ঘুৰাই দিয়া নহয়, তেতিয়ালৈকে ভাৰতৰ জাতীয় পতাকাক সন্মান নজনাও। আমাৰ পতাকা ঘুৰাই দিলেই ত্ৰিৰংগা হাতত তুলি ল’ম।‘’

The post জাতীয় পতাকাক লৈ মেহবুবা মুফটিৰ বিতৰ্কিত মন্তব্যৰ পাছত পিডিপি এৰিলে তিনিগৰাকী নেতাই appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2J4stVv
via IFTTT

Comments