মৰ্মান্তিক! : নিজৰ জন্মদিনৰ পাৰ্টিত নিজকে গুলীয়াই আত্মঘাতী হ’ল এটি তিনিবছৰীয়া শিশু
নিজৰ জন্ম দিনৰ পাৰ্টিত নিজকে গুলীয়াই আত্মঘাতী হ’ল এটি তিনিবছৰীয়া শিশু।
এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত। সোমবাৰে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই দুৰ্ভাগ্যজনক ঘটনাটো।
আৰক্ষীৰ মতে শনিবাৰে হাষ্টন চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ উত্তৰপূৱ হাষ্টনৰ প’টাৰত নিজৰ জন্ম দিনৰ পাৰ্টিত তিনি বছৰীয়া শিশুটিয়ে এজন আত্মীয়ৰ জেপৰ পৰা পিষ্টলটো উলিয়াই লৈ খেলি আছিল।
উপস্থিত থকা মানুহবোৰ পাৰ্টিত ব্যস্ত থকাৰ সময়তে হঠাতে পিষ্টলটো গৰজি উঠে।
পিষ্টলৰ শব্দ শুনা পাই উপস্থিত থকা মানুহবোৰ সচকিত হৈ দেখে যে পিষ্টলৰ গুলীয়ে ইতিমধ্যে তিনিবছৰীয়া শিশুটিৰ বুকু ভেদি গৈছে।
ঘটনাস্থলীতে লগে লগে শিশুটিৰ মৃত্যু ঘটে।
এভ্ৰিটাউন অৱ গান ছেফটি নামৰ প্ৰতিষ্ঠানটোৰ মতে আমেৰিকাত চলিত বছৰত শিশুৰ দ্বাৰা ২২৯ টা অনাকাংক্ষিত গুলী চালনাৰ ঘটনা ঘটিছে। আৰু এনে ঘটনাত ৯৭ লোকৰ মৃত্যু ঘটিছে।
উল্লেখ্য যে, আমেকিৰাত প্ৰায় এক তৃতীয়াংশ নাগৰিকৰ হাতত আগ্নেয়াস্ত্ৰ আছে। আমেকিকাৰ সংবিধানৰ দ্বিতীয় সংশোধনীয়ে মাৰ্কিন নাগৰিকক আগ্নেয়াস্ত্ৰ ৰখাৰ অধিকাৰ প্ৰদান কৰিছে।
আনহাতে টেক্সাছ হৈছে আমেৰিকাৰ ভিতৰতে অতি সহজে বন্দুক লাভ কৰিব পৰা ৰাজ্য।
The post মৰ্মান্তিক! : নিজৰ জন্মদিনৰ পাৰ্টিত নিজকে গুলীয়াই আত্মঘাতী হ’ল এটি তিনিবছৰীয়া শিশু appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/31N0MXY
via IFTTT
Comments
Post a Comment