অহা জানুৱাৰিতে ওলাব কৰ’নাৰ ভেকচিন; আমেৰিকান সংস্থাৰ ঘোষণা
অহা জানুৱাৰি মাহৰ ভিতৰতে কোভিড-১৯ৰ ভেকচিনৰ প্ৰথমটো বেট্ছৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব।
জনছন এণ্ড জনছনৰ জনস্থাস্থ্য গৱেষণা আৰু বিকাশ বিভাগৰ মুৰব্বী ৰাক্সাণ্ড্ৰা ড্ৰাঘিয়া আকলিয়ে এই কথা ঘোষণা কৰিছে।
আন্তৰ্জাতিক স্বাস্থ্য সন্মিলন এখনত এক বিবৃতি দাঙি ধৰি তেওঁ এই কথা সদৰী কৰিছে।
শুকুৰবাৰে আমেৰিকান দৰৱ প্ৰস্তুতকাৰী সংস্থাটোৱে জনাইছিল যে তেওঁলোকে উলিওৱা ভেকচিনৰ চূড়ান্ত পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল পুনৰ আৰম্ভ কৰা হৈছে।
ইয়াৰ পূৰ্বে সুৰক্ষাজনিত কাৰণত ভেকচিনটোৰ ট্ৰায়েল সাময়িকভাৱে বন্ধ ৰখা হৈছিল। এই বছৰৰ অন্তিম ভাগতেই তেওঁলোকৰ ৬০হাজাৰ স্বেচ্ছাসেৱকৰ ওপৰত কৰা ক্লিনিকেল ট্ৰায়েলৰ ফলাফল প্ৰকাশ পাব।
ইপিনে, বয়স্ক ৰোগীসকলৰ ক্ষেত্ৰত আষ্ট্ৰা জেনেকাই প্ৰস্তুত কৰা কোভিডৰ ভেকচিনে সুফল দিয়া বুলি কোৱা হৈছে।
সমগ্ৰ বিশ্বতে বৰ্তমান কোভিড-১৯ৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ পৰিছে আৰু বিশ্ব স্বাস্থ্য সংস্থাই এইক্ষেত্ৰত দেশসমূহক সতৰ্ক কৰি দিছে।
গোটেই বিশ্বতে বৰ্তমান ৪.৩ কোটিতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।
ভাৰতত কৰ’নাৰ সংক্ৰমণৰ গতি কিছুপৰিমানে হ্ৰাস পাইছে বুলি কোৱা হৈছে। চৰকাৰী তথ্য অনুসৰি, যোৱা সপ্তাহত প্ৰতিদিনে গড়ে ৫২,০০০নতুন সংক্ৰমণৰ ঘটনা ঘটিছে। ছেপ্টেম্বৰ মাহত এই সংখ্যা প্ৰায় লাখৰ ওচৰাওচৰি আছিল।
The post অহা জানুৱাৰিতে ওলাব কৰ’নাৰ ভেকচিন; আমেৰিকান সংস্থাৰ ঘোষণা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2FZTaJQ
via IFTTT
Comments
Post a Comment