কোনো কাৰণত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব…

ডিজিটেল ডেস্কঃ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰা প্ৰসংগক লৈ শেহতীয়াকৈ মুখ খুলিছে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী গৰাকীয়ে কয় যে. ‘শ্বেৰমান আলীয়ে অসমীয়া জাতিৰ সাংস্কৃতিক সত্ত্বাৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে৷ অসম চুক্তিৰ ফলত হোৱা শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব ৷”

তেও লগতে, শ্বেৰমান আলীক ভৱিষ্যতে তেনে মন্তব্য নিদিবৰ বাবেও আহ্বান জনায়৷ মিঞা সংগ্ৰহালয় স্থাপনৰ কথা ক’বলৈ অজিত ভূঞাৰ দৰে লোকৰ বাবেহে সাহস কৰিছে বুলিও কয় অতুল বৰাই৷

The post কোনো কাৰণত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3kt2AMY
via IFTTT

Comments