সম্প্ৰীতিৰ মিলন ভূমি কোকিলা-গোলাপাৰাত চৰকাৰী নীতি নিৰ্দেশনাৰে দিয়া হ’ল প্ৰতিমা বিসৰ্জন
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত তথা বঙাইগাঁও-বৰপেটা জিলাৰ সীমামূৰীয়া অঞ্চল কোকিলা-গোলাপাৰা হিন্দু-মুছলিমৰ মিলনভূমি বুলি সকলোৱে জানে।
পূৰ্বৰে পৰাই দুয়ো সম্প্ৰদায়ৰ লোকে অঞ্চলটোত মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। প্ৰতিবাৰেই বিভিন্ন উৎসৱ পাৰ্বণত দুয়ো সম্প্ৰদায়ৰ লোকে দুয়ো সম্প্ৰদায়ক সহায় সহযোগ কৰি আহিছে।
এইবেলি দুৰ্গা পূজাতো একে দৃশ্য দেখিবলৈ পোৱা গৈছে। মহামাৰী কৰ’নাৰ বাবে আন বছৰৰ দৰে যদিও আনন্দ উল্লাসৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা নাই, তথাপি কাৰো মনৰ পৰা যেন অকণো উৎসাহ হ্ৰাস পোৱা নাই।
চৰকাৰী সকলো নীতি-নিয়ম পালন কৰি উদযাপন কৰা হল দুৰ্গোৎসৱ। মহামাৰী কৰ’নাৰ বাবে চৰকাৰে যিসমূহ নীতি-নিয়ম বান্ধি দিছিল সেই নীতি-নিয়মৰ মাধ্যেমেৰে পূজা কমিটিয়ে পূজা কৰা পৰিলক্ষিত হৈছে।
এই দুৰ্গোৎসৱ পালনৰ বাবে হিন্দু-মুছলমানৰ কোনো ভেদাভেদ নাৰাখি মুছলমান সকলে সম্ভাৱ্য সহায় সহযোগ কৰিছে। আনহাতে, মুছলমান লোকৰ কোনো উৎসৱ পাৰ্বন আহিলেও হিন্দু সকলেও যৎপৰোনাস্তি সহায় সহযোগ কৰা দেখা যায়।
সকলো দিশ চালি জাৰি চাই কব পাৰি যে যি সকলে হিন্দু-মুছলমানৰ নামত হিংসাৰ বীজ সিঁচিব বিচাৰে সেই সকলে এবাৰ হ’লেও কোকিলা-গোলাপাৰা ভ্ৰমণ কৰিব যাব লাগে। সাম্প্ৰতিক সময়ত কোকিলা-গোলাপাৰা হৈ পৰিছে ভাতৃত্ববোধৰ নিদৰ্শন।
বিজয়া দশমীত পূজাস্থলীৰ পৰা প্ৰতিমা বিসৰ্জন স্থলীলৈ প্ৰতিমাসমূহ লৈ যাওঁতে চৰকাৰৰ নিৰ্দেশ মানি প্ৰতিমা সমূহ লৈ অহা হয়। গোলাপাৰাত খুব কম সংখ্যক ভক্তৰে প্ৰতিমা বিসৰ্জন দিয়া পৰিলক্ষিত হয়।
প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ কোনো উলংঘা নহয় তাৰ বাবে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী হৰগোবিন্দ হালৈ উপস্থিত থাকে আৰু চৰকাৰৰ নীতি নিয়ম মতে কাৰ্যসূচী সুচাৰুৰূপে সমাপন কৰা হয়।
The post সম্প্ৰীতিৰ মিলন ভূমি কোকিলা-গোলাপাৰাত চৰকাৰী নীতি নিৰ্দেশনাৰে দিয়া হ’ল প্ৰতিমা বিসৰ্জন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/37LvLYm
via IFTTT
Comments
Post a Comment