দোলাত আহি আজি হাতীত উঠি যাবগৈ মা দুৰ্গা…

ডিজিটেল ডেস্কঃ আজি ধৰা এৰি গমন কৰিব দেৱী মা দুৰ্গাই। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবাৰ পূজা কিছু সেমেকা যদিও ৰাজ্যৰ সকলো জিলাতে দেৱী মা বিসৰ্জন দিয়াক লৈ প্ৰশাসনে যথেষ্ট সৰ্তকতা অৱলম্বন কৰিছে।
এইবেলী দেৱী মা দোলাত পৃথিৱীলৈ আগমন হৈছিল যদিও গমন কৰিব হাতীৰে। গুৱাহাটী মহানগৰীতো এইবাৰ মৃন্ময় মূৰ্তিৰ সংখ্যা পূৰ্বতকৈ বহু কম। তথাপিও পাণ্ডু আৰু কাছাৰীঘাটৰ দৰে বিসৰ্জনস্থলীত প্ৰশাসনে বান্ধি দিছে বহুকেইটা নিয়ম।
মহানগৰ প্ৰশাসনে নিয়ম বান্ধি দিছে যে,প্ৰত্যোকটো মূৰ্তি বিসৰ্জনৰ বাবে ১০গৰাকী লোকহে যাব পাৰিব। এই সময়চোৱাত কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃ্ষ্টি নহয় তাৰ বাবে অধিক নিৰাপত্তৰক্ষী মোতায়েন কৰিব প্ৰশাসনে।
The post দোলাত আহি আজি হাতীত উঠি যাবগৈ মা দুৰ্গা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HxSifZ
via IFTTT
Comments
Post a Comment