ছচিয়েল মিডিয়াক সদপ্ৰয়োগঃ পথালি পাহাৰত উন্মোচন হ’ল ফেচবুক গ্ৰুপৰ মুখপত্ৰ…

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ শাৰদীয় বতৰত এক ব্যতিক্ৰমী প্ৰয়াস।লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ পথালি পাহাৰৰ একাংশ যুৱ প্ৰজন্মৰ “আমাৰ পথালি পাহাৰ” নামৰ ফেচবুক গ্ৰুপৰ জৰিয়তে প্ৰতি বছৰে প্ৰকাশ কৰি অহা মুখপত্ৰ এইবাৰো নৱমী পূজাৰ দিনটোত উন্মোচন কৰা হয়।ফেচবুক পেজটোত প্ৰকাশ পোৱা নৱপ্ৰজন্মৰ বিভিন্নজনৰ ফেচবুক পেজটোত প্ৰকাশ পোৱা লেখা সমুহ আমাৰ পথালিপাহাৰ নামৰ মুখপত্ৰখনৰ জৰিয়তে প্ৰকাশ কৰি শাৰদীয় বতৰত ৰাইজৰ মাজলৈ উলিয়াই দিয়াটো এক ব্যতিক্ৰমী প্ৰয়াস হিছাপেই বিবেচিত হৈ আহিছে।

অধ্যাপক ড: তৰুণ কলিতাৰ সঞ্চালনাত হোটেল আতিথ্যত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক হিচাপে বিশিষ্ট কবি সাহিত্যিক দাদুল দেৱকৃষ্ণ বৰুৱা আৰু লেখক দীপক বৰা আৰু অধ্যাপক সত্যেন্দ্ৰ বৰদলৈ উপস্হিত থাকে।এই সভাতে দীপক বৰাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।উন্মোচন কৰে সত্যেন্দ্ৰ বৰদলৈয়ে।

২০১৩ চনত গঠিত এই ফেচবুক গ্ৰূপটোৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ খা-খবৰ সমুহৰ লগতে সাহিত্য সম্পৰ্কীয় আলোচনা আৰু নতুন লেখকৰ লেখা সমুহ প্ৰকাশ হৈ আহিছে।সভাতে শাৰদীয় আলাপ নামৰ এক অন্তৰংগ অনুষ্ঠানো ৰূপায়ন।কৰা হয়।

The post ছচিয়েল মিডিয়াক সদপ্ৰয়োগঃ পথালি পাহাৰত উন্মোচন হ’ল ফেচবুক গ্ৰুপৰ মুখপত্ৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dZa0VH
via IFTTT

Comments