ধেমাজিত জলজীৱন মিছনৰ ৬খন বৃহৎ পানী যোগান আচঁনি মুকলি…

ডিজিটেল সংবাদ, ধেমাজিঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ ধেমাজি সংমণ্ডলৰ জলজীৱন মিছনৰ অধীনত ২০২০-২১বৰ্ষৰ শনিবাৰে ধেমাজি বাটঘৰীয়াত একেলগে ছয়খন বৃহৎ পানী যোগান আচঁনি মুকলি কৰে৷ ছয় খন পানী যোগান আচঁনিৰ অধীনত ১০০ শতাংশ কাৰ্যক্ষম ঘৰুৱা নল সংযোগ স্থাপনৰ শুভ উদ্ধোধনী অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি জিলা উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডী আৰু ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে ইয়াৰ পিছতেই বাটঘৰীয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দুপৰীয়া ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈৰ সভাপতিত্বত এখনি উদ্বোধনী সভা অনুষ্ঠিত হয়৷
ধেমাজি জিলা জন স্বাস্হ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা অমল ৰয়য়ে ধেমাজি সংমণ্ডলৰ অধীনত ৯৯ টা আৰু ঘিলামৰা সংমণ্ডলৰ অধীনত ৩৪টাৰ সৈতে মুঠ ১৩৩ টা আচঁনিৰ বাবে ২০২২ চনৰ ভিতৰত ১৪২৫৬৫ জন বাবে সামৰি লোৱা হৈছে বুলি কাৰ্য্যবাহী অভিযন্তা গৰাকীয়ে উল্লেখ কৰে৷ অৱেশ্যে সদ্যহতে এবছৰৰ বাবে ধেমাজি সংমণ্ডলৰ ৬৬০০০ হেজাৰ আৰু ঘিলামৰা সংমণ্ডলৰ এটা অংশৰ বাবে ২০, ০০০ লোকৰ বাবে সামৰি লোৱা হৈছে৷
সভাত জল জীৱন মিচনৰ আচঁনি কেইখনৰ সম্পৰ্কে ধেমাজি জিলা উপায়ুক্ত , ধেমাজি জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া প্ৰফুল্ল দেউৰী , ধেমাজি জিলা নগৰ ও উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোৱঁৰ, বাটঘৰীয়া গাওঁ পঞ্চায়তৰ সভাপতি পদ্ম বড়া আঞ্চলিক পঞ্চায়তৰ সদস্যা অনিমা বৰশইকীয়া দিহিঙীয়া , নৰোৱাথান গাওঁপঞ্চায়তৰ সভানেত্ৰী ভাৰতী গগৈয়ে আচঁনি কেইখন সফল কৰি তুলিবলৈ আহ্বান জনাই বিস্তৃত ভাৱে ব্যাখ্যা দাঙি ধৰে ৷ উল্লেখ্য যে, শনিবাৰে মুকলি কৰা ছয়খন পানী যোগান ভিতৰৰ ধেমাজি বিধান সভা সমষ্টিৰ বাটঘৰীয়া , লাউমুৰী ,কোৱাফলা , বৰদৈবাম আৰু সৰিয়নি পানী যোগান আচঁনি৷ একে দৰে জোনাই বিধান সভাৰ সমষ্টিত ভিতৰত আছে সোনাপুৰ পানী যোগান আচঁনিখন ৷
The post ধেমাজিত জলজীৱন মিছনৰ ৬খন বৃহৎ পানী যোগান আচঁনি মুকলি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fgCbBI
via IFTTT
Comments
Post a Comment