যাব নালাগে বহিঃৰাজ্যলৈঃ গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত সফলতাৰে ব’ন মেৰ’ সংৰোপন…

ডিজিটেল ডেস্কঃ গুৱাহাটীস্থিত ড০ বি বৰুৱা কেন্সাৰ হাস্পতালে ৰক্ত কৰ্কট ৰোগী এজনৰ ব’ন মেৰ’ সংৰোপন সফলতাৰে সম্পন্ন কৰে। সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰাজহুৱা খণ্ডৰ এখন হাস্পতালত ব’ন মেৰ’ সংৰোপন সফলতাৰে সম্পন্ন কৰা এয়াই প্রথম। যোৱা ২৯ জুলাই, ২০২১ত এই ব’ন মেৰ’ সংৰোপন কৰা বুলি জনাইছে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষ ডাঃ অমল চন্দ্ৰ কাকতীয়ে।
ব’ন মেৰ’ সংৰোপনৰ বাবে অসমৰ প্ৰায়সকল ৰোগীয়ে বহিঃৰাজ্যত গৈ চিকিৎসা সেৱা গ্ৰহণ কৰিবলগীয়া হয়। যাৰ বাবে তেওঁলোকে খৰচ কৰিব লাগে বহু পৰিমানৰ ধন। কিন্তু বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ এই সফলতাই উত্তৰ-পূবৰ এই ৰক্ত কৰ্কট ৰোগীসকলৰ বাবে কাঢ়ি আনিছে ভাল খবৰ।
The post যাব নালাগে বহিঃৰাজ্যলৈঃ গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত সফলতাৰে ব’ন মেৰ’ সংৰোপন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fjnait
via IFTTT
Comments
Post a Comment