পুৱাই হালৰ গৰু লৈ পথাৰলৈ যোৱা কৃষকৰ অকাল মৃত্যু

ডিজিটেল সংবাদ মায়ংঃ কোৰোনা মহামাৰীৰ সমান্তৰাল কৈ ৰাজ্যত এতিয়া খৰাঙে ভূতৰ ওপৰত দানহ পৰা দি কৃষকৰ মূৰত ৰাম টাঙোন সোধাই থকাৰ সময়তে দেওবাৰে মৰিগাঁও জিলাত ঘটিল এক কৰুণ ঘটনা।জিলা খনৰ মায়ং ৰাজহ চক্ৰ কার্যলয়ৰ সমীপতে কুমৈত পুৱাই হালৰ গৰু এটাৰ সতে এজন কৃষকৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি থিতাতে মৃত্যু হয়।

জানিব পৰা মতে কান্ধত নাঙল যুঁৱলী লৈ পথাৰত হাল বাবলৈ গৈ থকা সময়তে পথৰ ওপৰত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হয় শিৱ গগৈ নামৰ কৃষক জনে। কুমৈ ঠাকুৰ গাঁৱৰ শিৱ গগৈ নামৰ কৃষক জনে পুৱা প্ৰায় ৪.৩০ মান বজাত নাঙল যুঁৱলীৰ সৈতে নিজৰ গৰুহাল লৈ হাল বাবলৈ যাওঁতে এই ঘটনা সংঘটিত হয়।

এই ঘটনা সংঘটিত হোৱাৰ পিছত বহু লোক উপস্থিত হয় যদিও বিদ্যুৎ বিভাগৰ লোক বহু পলমকৈ সেই ঠাইত উপস্থিত হোৱা বুলি জানিব পৰা যায়। ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হ’বলৈ পালে। কৃষকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যা এৰি থৈ যায় ৬০ বছৰীয়া শিৱ গগৈয়ে।

The post পুৱাই হালৰ গৰু লৈ পথাৰলৈ যোৱা কৃষকৰ অকাল মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ifNzPZ
via IFTTT

Comments