পৰীক্ষাবিহীন ফলাফলঃ পুনৰ পৰীক্ষা দি ফলাফল লাভৰ সময়লৈ বিশ্ব বিদ্যালয়ত নামভৰ্তিৰ সময় থাকিবনে? মুখ্যমন্ত্ৰীক প্ৰশ্ন বকোৰ শিক্ষাৰ্থীৰ


ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত এগৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলফলকলৈ সামাজিক মাধ্যমত দিয়া হতাশা জনক এটা পোষ্টক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণী মতে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থী চৈত্যণ কুমাৰ মেধীয়ে শিক্ষাৰ্থীগৰাকীৰ ফলাফলকলৈ হতাশ হৈছে বুলি পোষ্টটোত উল্লেখ কৰিছে ।

মেধাৱী শিক্ষাৰ্থী গৰাকীয়ে উল্লেখকৰা মতে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ মাত্ৰ ৬২শতাংশ নম্বৰহে লাভ কৰিছে । অথচ শিক্ষাৰ্থীগৰাকীয়ে নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত ৯৩.২৭ শতাংশ নম্বৰ লাভ কৰিছিল ।একেদৰে প্ৰি-টেষ্ট পৰীক্ষাত ৮৫.৩৩ শতাংশ নম্বৰ লাভ কৰিছিল । তেনেস্হলত মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষণা কৰা ফলাফল অনুযায়ী ৬২.৩৩ শতাংশ নম্বৰ লাভ কৰা বিষয়টো কোনো কাৰণতে মানি ল’ব পৰা নাই ।

কটন বিশ্ববিদ্যালয়ত পঢ়াৰ মন থকা শিক্ষাৰ্থী গৰাকীয়ে শিক্ষা বিভাগে ঘোষণা কৰা মতে পুনৰ পৰীক্ষা দিলে কটন বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ সময় উকলি নাযাৱ নে বুলি প্ৰশ্ন উত্থাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক টুইট কৰিছে ।শিক্ষাৰ্থীগৰাকীৰ অভিযোগ মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেধৰণে গ্ৰহণ কৰে সেয়া সময়তহে গম পোৱা যাৱ ।

The post পৰীক্ষাবিহীন ফলাফলঃ পুনৰ পৰীক্ষা দি ফলাফল লাভৰ সময়লৈ বিশ্ব বিদ্যালয়ত নামভৰ্তিৰ সময় থাকিবনে? মুখ্যমন্ত্ৰীক প্ৰশ্ন বকোৰ শিক্ষাৰ্থীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/379UaF9
via IFTTT

Comments