বন্ধু আৰু বন্ধুত্ব…

ৰাজৰ্ষি চহৰীয়া

হিন্দী ছবি ‘শ্বোলে’ আৰু ‘য়াৰানা’। এই দুয়োখন ছবিৰ দুটা খুবেই জনপ্ৰিয় গীত ক্ৰমে- ‘ইয়ে দোস্তী হম নহী চোড়েংগে, চোড়েংগে ড’ম মগৰ তেৰা ছাথ না চোড়েংগেং’ আৰু “তেৰে যেচা য়াৰ কাঁহা, কাঁহা এছা য়াৰানা…।’- এই গীত দুটি যিয়ে শুনিছে সিয়েই মন পেলাইছে এবাৰ হ’লেও নিজৰ বন্ধুক। আজি আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস। বন্ধু সকলৰ বাবে উদযাপন কৰা এটা বিশেষ দিন। প্ৰতিজন ব্যক্তিৰ জীৱনত সকলো সম্পৰ্ক পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ থাকে। পিত-মাতৃ, মাতা-মাতী, খুড়া-খুড়ী ইত্যাদি। কিন্তু বন্ধু কেৱল নিজে জীৱন বাচি ল’ব পাৰি। যাৰ সৈতে বন্ধুত্বৰ বান্ধোন ডাৰ চিৰজীৱনৰ বাবে বান্ধ খাই পৰে।

সুখেই হওঁক বা দুখেই হওঁক সকলো সময়তে প্ৰকৃত বন্ধুৱে দিয়ে সঁহাৰি। কোনো এজন লোকে যিবোৰ মনৰ কথা পিতৃ-মাতৃ বা আন সম্পৰ্কীয় কোনো লোকক ক’ব নোৱাৰে, সেই কথাবোৰ ক’ব পাৰে নিজৰ এজন বন্ধুক। যাৰ কাষত ৰৈ মনত থকা ভাৰবোৰ পাতল কৰিব পাৰি। বন্ধুত্বৰ আছে হাজাৰটো সংজ্ঞা। কিন্তু সকলোৱে এটাই দিশ বুজাই দিয়ে যে বন্ধুত্ব বা বন্ধু সেইজনেই যিজনে সকলো পৰিস্থিতিত থিয় হৈ থাকে আপোনাৰ সৈতে। সুখত আপোনাৰ সৈতে হাঁহি দিয়ে আৰু দুখত হয় সমভাগী।

জীৱনত বুজি পোৱা বয়সৰ পৰা জীৱনৰ শেষৰ সময়লৈকে থাকি যায় বন্ধুত্ব। ল’ৰালি কালত একেলগে খেলা-ধূলা কৰাৰ, হোষ্টেলত একেলগে নিশা পঢ়া আৰু কৰ্ম জীৱন আৰম্ভ কৰাৰ পাছতো এজন বন্ধুৱে আনজনক পাহৰিব নোৱাৰে। কিয়নো বন্ধুত্বৰ এই সম্পৰ্ক ইমানেই শক্তিশালী যে এজন বন্ধুক পাহৰিব পৰাতো অসম্ভৱ। বৰ্তমান সময়ত কোৰোনাই সৃষ্টি কৰা পৰিৱেশ-পৰিস্থিতিৰ বাবে ঘৰতে থাকিব লগা হৈছে সকলো। কিন্তু তথ্য-প্ৰযুক্তিৰ সময়তো হোৱাটছএপ বা ফেচবুক তথা আনবোৰ ছ’চিয়েল মিডিয়াত এজন বন্ধুৱে আনজনক নিশ্চিতভাৱে  এটা কথা নিশ্চয় মেছেজ কৰি কৈছেই যে- ‘কোৰোনা আঁতৰিলেই আমি হ’ম ৰি-ইউনিয়ন।’

আৱেলি ঘৰৰ পৰা ওলাই গৈ নিজৰ এলেকাৰ বন্ধু কেইটাৰ সৈতে ডাঙৰ বা সৰু সকলো বয়সৰ লোকে এবাৰ দিয়ে আড্ডা। দিনটো বিদ্যায়-মহাবিদ্যালয়ৰ পঢ়া-শুনাৰ বোজা বা কাৰ্যালয়ৰ বোজাবোৰ পাহৰিবলৈ তথা মানসিক কষ্টবোৰ আঁতৰাবলৈ বন্ধুৰ সৈতে গধূলি একেলগে সময় পাৰ কৰাৰো আছে এক আমেজ।

বন্ধুত্বৰ এই মধূৰ সম্পৰ্কক লৈ বহু গ্ৰন্থ, চিনেমাও নিৰ্মাণ কৰা হৈছে। ১৯৭৫চনত মুক্তি পাইছিল এখন ছুপাৰহিট ছবি ‘শ্বোলে’। এই ছবিখনত জয় আৰু বীৰুৰ চৰিত্ৰত অভিনেতা অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰই চিৰজীৱনৰ বাবে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰিছে।

এতিয়াও জয়-বীৰু বুলিয়েই বন্ধুত্বৰ উদাহৰণ দিয়া হয়। আৰু শ্বোলে ছবিখনৰ এটা গীত চিৰযুগমীয়া হৈ ৰ’ল- ‘যে ডষ্টী দম নহী চৌড়েংগে। অৰ্থাৎ এই বন্ধুত্ব আমি কেতিয়াও এৰি নিদিও । অৱশ্যে এটা কথা সঁচা যে, বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। আপুনি বিপদত পৰা সময়ত যিজন বন্ধুৱে আপোনাৰ কাষত থাকিব, আপোনাক এৰি নাযায় সেইজনেই প্ৰকৃত বন্ধু।

যদিহে বিপদৰ বন্ধুজনহে আচল বন্ধু তেন্তে এটা স্বীকাৰ কৰিবই লাগিব যে আমি এজনে আনজনৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক বৰ্তাই ৰখাত আমাৰ অজ্ঞাতে হ’লেও এটা স্বাৰ্থ ৰৈ যায়। সেয়াই হৈছে এদিন মোৰ বিপদ হ’লে বন্ধুজনে মোক সহায় কৰিব। তেনেকৈ বন্ধুজনেও বিপদৰ সময়ত মোৰ পৰা সেই একেটা আশাকে কৰিব, কৰাটোও স্বাভাৱিক। সেয়েহে কেৱল বন্ধুত্ব বুলিয়েই নহয় জীৱনৰ প্ৰতিটো সম্পৰ্কতে নিহিত হৈ থকা স্বাৰ্থ। কিন্তু এই স্বাৰ্থবোৰ হ’ব লাগে জীৱনমুখী আৰু ইতিবাচক।

উল্লেখযোগ্য যে, বন্ধুত্ব দিৱস আৰম্ভ হৈছিল ১৯১৯চনত। হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েছ হলে ১৯১৯চনত আৰম্ভ কৰিছিল বন্ধুত্ব দিৱস। তাৰপাছত প্ৰতি বছৰে সকলোৱে প্ৰতিটো বছৰে আগষ্ট মাহৰ প্ৰতিটো দেওবাৰে নিজৰ বন্ধুসকললৈ পঠাইছিল একোখনকৈ কাৰ্ড। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা হৈছিল আৰম্ভ।

১৯৩৫চনত মাৰ্কিন কংগ্ৰেছে প্ৰতি ভচৰৰ আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে। সেই দিনাৰ পৰাই বন্ধুত্ব দিৱসটো জাতীয় উদযাপিত দিনবোৰৰ ভিতৰৰ অন্যতম ৰূপে স্বীকৃতি লাভ কৰে। জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে ই আন্তজাৰ্তিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে।

উল্লেখ্য যে, আন্তজাৰ্তিক বন্ধুত্ব দিৱসৰ ধাৰণা ১৯৫৮ চনৰ ২০ জুলাইত ড) অৰ্টমিঅ’ ৱাৰ্ছ’ৰ দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া বন্ধুসকলৰ সৈতে পাৰাগুৱেৰ আচোনচিয়ানৰ পৰা প্ৰয়া ২০০ মাইল দূৰৈত নদীৰ পাৰত অৱস্থিত এখন চহৰ পুৰ্য়েতো পিনাক্স’ত নিশাৰ আহাৰ খাই আছিল। অৱশ্যে বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয় যদিও ভাৰতকে ধৰি কিছু দেশত আগষ্ট মাহৰ প্ৰথমটো দেওবাৰৰ দিনত উদযাপন কৰা হয়।

বন্ধুত্ব কোনো জাতি-ধৰ্ম-বৰ্ণ নাচায়। এই সম্পৰ্ক কেৱল মনৰ। দুজন ব্যক্তিৰ মাজত মনৰ মিল আৰু গঢ়ি উটা আপোন ভাৱেই বন্ধুত্বৰ চিনাকি। বন্ধুত্ব ল’ৰা-ছোৱালী, হিন্দু-মুছলমান বা খ্ৰীষ্টান, শিখ যিকোনো ধৰ্মৰ লোকৰ সৈতে হ’ব পাৰে। কোৰোনাৰ বাবে বৰ্তমান সময়ত এজন বন্ধু আনজন বন্ধুৰ পৰা আঁতৰত থাকিব লগা হৈছে যদিও কোৰোনাৰ দৰে কোনো মহামাৰীয়ে বন্ধুত্বত পেলাব নোৱাৰে প্ৰভাৱ। ই চিৰযুগমীয়া আৰু এক বুজাব নোৱাৰা সম্পৰ্ক। বন্ধুৰ লগত থাকিলেই সজহ হৈ পৰে জীৱনৰ জটিল সময় আৰু সমস্যাবোৰ। কেৱল সকলোকে জনাইছো অনুৰোধ- বন্ধুত্বৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সকলোৰে জীৱনত বহু বেছি, গতিকে বন্ধুক কৰা মৰম আৰু বন্ধুৰ সৈতে কৰা ধেমালি। যিয়ে বন্ধুৱে বুজে সকলো দুখ আনজন বন্ধুৱে নক’লেও। যিয়ে বুজাব মা-দেউতাৰ দৰে। সেয়াইহৈছে প্ৰকৃত্ব বন্ধুত্ব, যিয়ে জীৱনত পাই বহু গুৰুত্ব…

The post বন্ধু আৰু বন্ধুত্ব… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3C7xJi6
via IFTTT

Comments