পুৱাৰ খবৰ…

১. অসমত পুনৰ ৭৮৪জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১০৭জন কামৰূপ মেট্ৰ’ৰ, ৭২জন গোলাঘাট, ৫০জন লখিমপুৰৰ, ৪৯জন নলবাৰীৰ। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৬৬৯৮২জনলৈ বৃদ্ধি। দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৪৪৯জন লোক। ইফালে, উক্ত দিনটোত কোৰোনাত আক্ৰান্ত ১৫জন লোকৰ মৃত্যু। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১২৯৫জন ৰোগী।

২. লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তথা ছবাৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰী কম খালী হাতেৰেই উভতিল টকিঅ’ৰ পৰা। পদক জয়ৰ আশাৰে কেৰিয়াৰৰ অন্তিমখন অলিম্পিকত অংশগ্ৰহণ কৰা মেৰী কমে টকিঅ’ৰ পৰা উভতি আহি ভাৰতত উপস্থিত হৈছেহি। দেশত উপস্থিত হৈয়েই মেৰী কমে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে। দেশত উপস্থিত হৈ উত্তৰ পূৰ্বাঞ্চলৰ বক্সাৰগৰাকীয়ে সেমেকা চকুৰে সংবাদ মাধ্যমৰ আগত ক’লে, খালী হাতেৰে উভতি আহি মই দুখিত, মই মেডেল লাভৰ বাবে গৈছিলো, কিন্তু নোৱাৰিলো। আনহাতে তেওঁক সমৰ্থন জনোৱাৰ বাবে সমগ্ৰ দেশবাসীক ধন্যবাদ জনালে বক্সাৰগৰাকীয়ে।দেশবাসীৰ ওচৰত তেওঁ চিৰকৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰাৰ লগতে টকিঅ’ত তেওঁৰ বিফলতাৰ বাবে ক্ষমা বিচাৰে।

৩. নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বাটমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ড্ৰাগছ সহ আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবু শ্বৰিফ ওৰফে এলফেট। দেওবাৰে জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন ফুকনৰ নেতৃত্বত চলা অভিযানত এই সফলতা। অভিযানত বাটমাৰী গাঁৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবু শ্বৰিফ ওৰফে এলফেটৰ বাসগৃহৰ পৰা অভিযান চলাই উদ্ধাৰ ১৩ গ্ৰাম নিষিদ্ধ ড্ৰাগছ। ইয়াৰোপৰি আৰক্ষীয়ে জব্দ কৰিছে নগদ ধনসহ এখন মটৰ চাইকেল । ধৃত ড্ৰাগছ ব্যৱসায়ী আবু শ্বৰিফ ওৰফে এলফেটে দীৰ্ঘদিন ধৰি নিজ গৃহতেই ড্ৰাগছৰ বেহা চলাই আহিছিল। যাৰ ফলত বৃহত্তৰ বাটমাৰী অঞ্চলৰ বহু শিশু তথা যুৱক ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি জীৱন ধংসৰ দিশে গতি কৰিছিল । ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ এনে পদক্ষেপক বাটমাৰী বাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।

৪. মৰিয়নীৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল উচ্ছেদৰ নামত অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰা সোপাঢিলা নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মৰিয়নীৰ বিভিন্ন দল-সংগঠন। উল্লেখ্য যে, যোৰহাট জিলা প্ৰশাসন আৰু মোককচাং জিলা প্ৰশাসনৰ এক আলোচনামৰ্মে মৰিয়নিৰ দিচৈভেলীৰপৰা স্থানান্তৰিত কৰা হ’ল অসম নাগালেণ্ডৰ আৰক্ষী বেটেলিয়নৰ শিবিৰ। কিন্ত দিচৈ ভেলী বনাঞ্চল ধ্বংস কৰি নগাই ইতিমধ্যে অসমৰ মাটিত নিৰ্মান কৰা টিনপাতৰ ঘৰ দুৱাৰ ,তামোলৰ বাৰী ,উচ্ছেদৰ কোনো নাম গোন্ধেই নোলাল অসম নাগালেণ্ডৰ প্ৰশাসনীয় আলোচনাত।

৫. অসমত অপৰাধ বিৰোধী অভিযান চলি থকাৰ সময়তে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাৰ তৎপৰতাত জিলা খনত চলি থকা অপৰাধী বিৰোধী অভিযানৰ সময়তে দেওবাৰে ২ লাখ ৭৮ হাজাৰ ৫০০ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয়। জালনোটৰ বেপাৰত জড়িত ওডালগুৰি জিলাৰ পানেৰীৰ দুজন ব্যক্তিক কৰায়ত্ব কৰে। দিনৰ প্ৰায় ১২-৩০ বজাত মঙলদৈ ভেৱাৰঘাট আস্হানৰ সমীপত গোপন সূত্ৰৰ পম খেদি জিলা মুখ্যালয় আৰক্ষী উপ-অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত মঙলদৈ সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে পানেৰী থানাৰ অন্তৰ্গত উত্তৰ কালিখোলাৰ চালাম আলিৰ পুত্ৰ ৰফিকুল আলি(৩৩ )আৰু একে থানা এলেকাৰ ১নং গৰিয়াঝাৰ গাঁৱৰ জলিল আলিৰ পুত্ৰ জুন আলিক (৩৫) কৰায়ত্ব কৰে। দুয়োৰে জিম্মাৰ পৰা ৫৫৭ খন ৫০০ টকীয়া জালনোট উদ্ধাৰ কৰে।

৬. টকিঅ’ অলিম্পিকৰ পৰা আহিল এক ভাল খবৰ। ভাৰতীয় পুৰুষ হকী দলে দেওবাৰে গ্ৰেইট ব্ৰিটেইনক ২-১ পইন্টত পৰাস্ত কৰি ৪১ বছৰৰ পাছত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে। উল্লেখ্য যে, ভাৰতীয় পুৰুষ হকী দলটোৱে ১৯৮০চনত ম’স্কো অলিম্পিকৰ শেষৰ বাৰ স্বৰ্ণ পদক অৰ্জন কৰিছিল। কিন্তু সেই বৰ্ষত হকীৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মাত্ৰ ৬খন দেশৰ দলে।

৭. হোজাই জিলাৰ মোৰাঝাৰৰ আমবাৰীত সংঘটিত হ’ল এক কৰুণ ঘটনা । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কাণ্ডজ্ঞানহীনতাৰ বাবে দেওবাৰে দিনৰ ১২ মান বজাত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী আমিৰ হুছেইন (৩০) নামৰ এজন ব্যক্তি বিদ্যুৎপৃষ্ট হৈ শৰীৰৰ ৮০ শতাংশ জ্বলি যোৱাৰ ফলত অঞ্চল জুৰি তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জানিব পৰা মতে, হোজাই জিলাৰ নীলবাগান বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ আমবাৰীত বিদ্যুৎ সৰবৰাহী তাৰত কাম কৰিবৰ বাবে আমিৰ হুছেইন নামৰ লোক জন হাজিৰা ভিত্তিত নিয়োগ কৰা হৈছিল ।

৮. কোৰোনা মহামাৰীৰ সমান্তৰাল কৈ ৰাজ্যত এতিয়া খৰাঙে ভূতৰ ওপৰত দানহ পৰা দি কৃষকৰ মূৰত ৰাম টাঙোন সোধাই থকাৰ সময়তে দেওবাৰে মৰিগাঁও জিলাত ঘটিল এক কৰুণ ঘটনা।জিলা খনৰ মায়ং ৰাজহ চক্ৰ কার্যলয়ৰ সমীপতে কুমৈত পুৱাই হালৰ গৰু এটাৰ সতে এজন কৃষকৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি থিতাতে মৃত্যু হয়। জানিব পৰা মতে কান্ধত নাঙল যুঁৱলী লৈ পথাৰত হাল বাবলৈ গৈ থকা সময়তে পথৰ ওপৰত ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হয় শিৱ গগৈ নামৰ কৃষক জনে। কুমৈ ঠাকুৰ গাঁৱৰ শিৱ গগৈ নামৰ কৃষক জনে পুৱা প্ৰায় ৪.৩০ মান বজাত নাঙল যুঁৱলীৰ সৈতে নিজৰ গৰুহাল লৈ হাল বাবলৈ যাওঁতে এই ঘটনা সংঘটিত হয়।

৯. জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি কাৰ্য্যালয়ৰ গৃহত দেওবাৰে সদৌ ধেমাজি জিলা গাহৰি পালক সন্হাৰ এখনি জৰুৰী সভা অনুষ্ঠিত হয় ৷ সদৌ ধেমাজি জিলা গাহৰি পালক সন্হাৰ সভাপতি ৰাতুল বৰগোহাঁই সভাপতিত্বত অনুষ্ঠিত হোৱা জৰুৰী সভাখনত থলুৱা পালক সকলৰ সমস্যা ,সুলভ মূল্যত গাহৰি দানা উপলব্ধ কৰোৱা , জিলাখনত থকা গাহৰি ফাৰ্মসমহৰ পঞ্জীয়ন কৰা আদি বিভিন্ন বিষয়ত বিতংভাবে আলোচনা কৰা লগতে বিশেষ ভাবে ধেমাজি জিলাত বহিঃ ৰাজ্যৰ পৰা অহা গাহৰি বন্ধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনোৱা উপৰিও পশুপালন বিভাগৰ তৰফৰ পৰা গাহৰি চিকিৎসা সেৱা , ঔষধ সমহ থলুৱা পালক সকলক প্ৰদান কৰা ব্যৱস্হা কৰিবলৈ পশুপালন বিভাগৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহন হয় ৷

১০. কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী তিতাগুৰীত বিগত ২০১৭ বৰ্ষৰ ১ আগষ্টত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে দিনদুপৰতে গুলীয়াই হত্যা কৰা ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই আজি চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে । বিগত চাৰিটা বছৰে তদন্তকাৰী সংস্থাই লাফিকুল ইছলাম হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাত আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে আজি বিটিআৰৰ চাৰিওখন জিলাতে মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাৱস্থ্য কৰে । ইয়াৰে অংশ স্বৰূপে জিলাখনৰ ভোটগাঁওত এবিএমছুৱে কেন্দ্ৰীয়ভাৱে প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী পালন কৰি ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক বিগত চাৰিটা বছৰে কৰায়ত্ত  নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷

The post পুৱাৰ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VeIkr9
via IFTTT

Comments