চুতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে বকোত শ্মশান নিৰ্মাণঃ ৰাইজৰ বাবে মুকলি..


ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত মুকলি কৰা হৈছে এখন ৰাজহুৱা শ্মশান। ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭৩নং পশ্চিম বেকেলী গাঁৱ পঞ্চায়তৰ ২নং দক্ষিণ ছেখাদাৰী গাঁৱত চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ ছয়লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰা হৈছে এই শ্মশানখন ।শ্মশানখন মুকলি কৰে ৭৩নং পশ্চিম বেকেলী গাঁৱ পঞ্চায়তৰ সভানেত্ৰী মেঘালী ৰাভাই ।

শ্মশান মুকলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে পঞ্চায়তখনৰ আঞ্চলিক সদস্য দমাহু ৰাভা, প্ৰাক্তন আঞ্চলিক সদস্য বনমালীৰাভা , বিশিষ্ট ব্যক্তি প্ৰফুল্ল কুমাৰ বড়ো, ৱাৰ্ড সদস্যা ৰহিমলা ৰাভাকে ধৰি বিশিষ্ট ব্যক্তি সকলে।

The post চুতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে বকোত শ্মশান নিৰ্মাণঃ ৰাইজৰ বাবে মুকলি.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zYjo5O
via IFTTT

Comments