গোলাঘাটৰ জামুগুৰি থানাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীক প্ৰহাৰ স্থানীয় ৰাইজৰ

অবৈধ মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা সময়তে গোলাঘাটত সংঘটিত হৈছে আৰক্ষীৰ ওপৰত আক্ৰমণৰ  ঘটনা।

গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ সান্যালক উত্তেজিত জনতাই আক্ৰমণ কৰে।

খৱৰ অনুসৰি শনিবাৰে বিয়লি ভাগত জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে আৰক্ষীৰ এটা দল লৈ জামুগুৰিৰ টাঙোন হোলা গাওঁত চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈছিল।

ঠিক সেই মুহূৰ্ততে দলৌজান গেলাপানী গাঁৱৰ মনোজ পানেকাৰ নামৰ যুৱকজনে  সমগ্র ঘটনাটো ম’বাইলেৰে  ভিডিঅ’ কৰি আছিল।

সেই ভিডিঅ’ কৰাক কেন্দ্ৰ কৰি আৰক্ষীৰ লোকে স্থানীয় এজন যুৱকক প্ৰহাৰ কৰে। যুৱক জনক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰিয়েই উত্তেজিত হৈ পৰা একাংশ লোকে আৰক্ষী বিষয়াজনৰ ওপৰত জপিয়াই পৰে।

কেৱল ইয়াতেই ক্ষান্ত নাথাকি উত্তেজিত ৰাইজে আৰক্ষীৰ বাহনখনো ক্ষতিগ্ৰস্ত কৰি জামুগুৰি থানা ঘেৰাও কৰে।

ৰাইজৰ অভিযোগ যে, জামুগুৰি থানাৰ অ’চি জনে প্ৰায়ে গাওঁ খনৰ যুৱক সকলৰ ম’বাইল ফ’ন সমূহ কাঢ়ি লৈ আনে আৰু আনিবলৈ গ’লে ধন দাবী কৰে।

এনেকৈ কোনো অপৰাধ নকৰাকৈ এজন নিৰীহ ল’ৰাক প্ৰহাৰ কৰাৰ অধিকাৰ আৰক্ষীক কোনে দিলে বুলিও প্ৰশ্ন তোলে উত্তেজিত ৰাইজে।

ইতিমধ্যে জামুগুৰি থানাত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দল আহি উপস্থিত হৈ  সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

The post গোলাঘাটৰ জামুগুৰি থানাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীক প্ৰহাৰ স্থানীয় ৰাইজৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3ynDGFK
via IFTTT

Comments