দিচৈভেলীত নগাৰ বেদখল গাপ দিয়া অপচেষ্টা: বেদখল উচ্ছেদ নকৰিলে প্ৰতিবাদৰ হুংকাৰ ৬ জাতীয় সংগঠনৰ…

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল উচ্ছেদৰ নামত অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনে গ্ৰহন কৰা সোপাঢিলা নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে মৰিয়নিৰ বিভিন্ন দল সংগঠন।উল্লেখ্য যে যোৰহাট জিলা প্ৰশাসন আৰু মোককচাং জিলা প্ৰশাসনৰ এক আলোচনামৰ্মে মৰিয়নিৰ দিচৈভেলীৰপৰা স্থানান্তৰিত কৰা হল অসম নাগালেণ্ডৰ আৰক্ষী বেটেলিয়নৰ শিবিৰ।
কিন্ত দিচৈভেলী বনাঞ্চল ধবংস কৰি নগাই ইতিমধ্যে অসমৰ মাটিত নিৰ্মান কৰা টিনপাতৰ ঘৰ দুৱাৰ ,তামোলৰ বাৰী ,উচ্ছেদৰ কোনো নাম গোন্ধেই নোলাল অসম নাগালেণ্ডৰ প্ৰশাসনীয় আলোচনাত।মনকৰিবলগীয়া যে দিচৈভেলীৰ বৃহৎ সংখ্যক অসমৰ ভূমি বেদখল কৰি নগাই নিজৰ কজ্বালৈ নিয়াৰ লগতে টিনপাতৰ ঘৰ,গিৰ্জা স্থাপন কৰি অসমৰ মাটিত নিজৰ স্থিতি গজগজীয়া কৰিছে।আনকি নগাৰ বেদখল প্ৰত্যক্ষ কৰিবলৈ গৈ নগা দুবৃত্তৰ গুলীবৰ্ষনৰ সন্মুখীন হৈ কথমপি প্ৰাণ লৈ পলাইআহিবলগা হৈছিল তেতিয়াৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।
কিন্ত ইয়াৰ পিচতো নগাৰ ভয়াবহ বেদখল উচ্ছেদৰ কোনো পদক্ষেপে নললে ৰাজ্য চৰকাৰে।আনকি নগাৰ বেদখল উচ্ছেদৰ দাবীত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অনশনপৰ্যন্ত কৰিব লগা হৈছিল। কেবল নগাৰ ওচৰত আঠু লৈ অসমৰ প্ৰশাসনে অসমৰমাটিৰপৰা নগাৰ বেদখল উচ্ছেদৰ সলনি আতৰাই আনিবলগা হল আৰক্ষী বেটেলিয়নৰ শিবিৰ।ইফালে দিচৈভেলীত নগাৰ বেদখল উচ্ছেদ নকৰিলে প্ৰতিবাদত নমাৰ হুংকাৰ মৰিয়নিৰ বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ।
মৰিয়নিৰ লোকনাথ বিবাহ ভৱনত আজি ৬ টা কৈ জাতীয় সংগঠনৰ অসমৰ নাগালেণ্ড সীমা সমস্যাৰ সন্দৰ্ভত আয়োজন কৰে এক সংবাদমেল। মৰিয়নিৰ সদৌ তাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মৰিয়নি কৈৱৰ্ত ছাত্ৰ সন্থা, টি এম পি কেৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলত অসমৰ ভূমিত নগাৰ বেদখল উচ্ছেদ কৰিবলৈ দাবী জনায়। শনিবাৰে মৰিয়নী মহাবিদ্যালয়ত নাগালেণ্ড সীমান্ত সম্পৰ্কে হোৱা আলোচনা তথা চুক্তি ৰ পাছত আৰক্ষী শিবিৰ উঠাই নিয়াক লৈ ক্ষোভ প্ৰকাশ কৰি হৈ যোৱা আলোচনা আৰু চুক্তি ৰাজহুৱা কৰা আৰু সীমান্তবাসীৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে চৰকাৰক দাবী জনায় দল সংগঠনসমূহে।
The post দিচৈভেলীত নগাৰ বেদখল গাপ দিয়া অপচেষ্টা: বেদখল উচ্ছেদ নকৰিলে প্ৰতিবাদৰ হুংকাৰ ৬ জাতীয় সংগঠনৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lmb6Rs
via IFTTT
Comments
Post a Comment