নামভর্তিক লৈ কোনো সমস্যাত নপৰে শিক্ষার্থী

গুৱাহাটী: দীঘলীয়া পর্যালোচনা আৰু বিতর্কৰ অন্তত শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ফলাফলক লৈ সন্তুষ্টি প্রকাশ কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে ফলাফল সন্দর্ভত নিজ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এই ফলাফল যথেষ্ট আশাব্যঞ্জক৷ ইয়াৰ বাবে শিক্ষা সংসদ ধন্যবাদৰ পাত্র৷

শনিবাৰে যোৰহাটত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে নামভর্তিৰ দিশটো সন্দর্ভত কয়– এইবাৰ উত্তীর্ণৰ হাৰ যথেষ্ট বৃদ্ধি হোৱা হেতু নামভর্তিৰ ক্ষেত্রত সমস্যা হ’ব বুলি ধাৰণা কৰা হৈছে যদিও শিক্ষা বিভাগে এইক্ষেত্রত সকলো দিশ সতর্কতাৰে দৃষ্টি দিছে৷ বর্তমান চৰকাৰী আৰু প্রাদেশীকৃত মহাবিদ্যালয়সমূহৰ্ প্রায় ১ লাখ ৭০ হাজাৰ আসন আছে৷ আনহাতে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়সমূহত্ যথেষ্ট আসন আছে৷ এইবাৰ উত্তীর্ণ বহু ছাত্র–ছাত্রীয়ে মেডিকেল, ইঞ্জিনীয়াৰিং, পলিটেকনিক আদি বহু পাঠ্যক্রম নাম অন্তর্ভুক্ত কৰিব৷ গতিকে আসনৰ সমস্যা হ’ব বুলি আমি ভবা নাই৷ তদুপৰি একাংশ ছাত্র–ছাত্রী ড্র’প আউট হয়৷ গোটেই পৰিস্থিতিটো আমি পর্যৱেক্ষণ কৰিছোঁ আৰু কাইলৈৰ ভিতৰত ৰাজ্যৰ ব্যক্তিগত মহাবিদ্যালসমূহত কিমান আসন আছে, সেই তথ্যও লাভ কৰিম৷

আনহাতে উত্তীর্ণৰ হাৰ বৃদ্ধি হোৱাৰ প্রসংগত শিক্ষামন্ত্রীগৰাকীয়ে কয়– মেট্রিকৰ তুলনা উচ্চতৰ মাধ্যমিকৰ উত্তীর্ণৰ হাৰ বেছি হোৱাটো স্বাভাৱিক৷ ফলাফলক লৈ একাংশ ছাত্র–ছাত্রীৰ অসন্তুষ্টিক লৈও প্রতিক্রিয়া প্রকাশ কৰি মন্ত্রী ডাঃ পেগুৱে কয়– এই ফলাফলক লৈ সন্দেহ কৰিবলগীয়া বা কোনো খেলিমেলি হোৱা বুলি মই নাভাবোঁ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নম্বৰৰ আধাৰৰ নৱম শ্রেণীৰ ফলাফল আৰু টেষ্ট পৰীক্ষাৰ ফলাফল ওপৰত লৈছিলোঁ৷ একেদৰে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্রত মেট্রিকৰ নম্বৰ আধাৰ হিচাপে লোৱা হৈছে৷ প্রত্যেকখন জিলাতে নম্বৰ মূল্যায়নৰ বাবে কমিটী গঠন কৰা হৈছিল৷ কোনো এখন বিদ্যালয়ে স্বাধীনচেতিয়াকৈ বা নিজাববীয়াকৈ নম্বৰ দিবলৈ সক্ষম হোৱা নাই৷ এইক্ষেত্রত ক্রছ এগ্জামিনেচন হৈছে৷ গতিকে ইচ্ছাকৃতভাৱে নম্বৰ দিয়াৰ প্রশ্ণই নুঠে৷ কোনো পৰীক্ষার্থী যদি অসন্তুষ্ট, তেনেহ’লে তেওঁ আবেদন কৰি পুনৰ পৰীক্ষাত বহিব পাৰে৷

ইফালে নামভর্তিক লৈ একাংশ মহাবিদ্যালয়ে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব বুলি চলা চর্চা সন্দর্ভত শিক্ষামন্ত্রীৰ মন্তব্য– কোনো মহাবিদ্যালয়ে যদি নামভর্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত কৰে, তাত শিক্ষা বিভাগে হস্তক্ষেপ নকৰে৷

The post নামভর্তিক লৈ কোনো সমস্যাত নপৰে শিক্ষার্থী appeared first on News Live TV.



from News Live TV https://ift.tt/3fhGrRm
via IFTTT

Comments