ধেমাজি জিলা গাহৰি পালক সন্থাৰ জৰুৰী সভা…

ডিজিটেল সংবাদ, ধেমাজিঃ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি কাৰ্য্যালয়ৰ গৃহত দেওবাৰে সদৌ ধেমাজি জিলা গাহৰি পালক সন্হাৰ এখনি জৰুৰী সভা অনুষ্ঠিত হয় ৷ সদৌ ধেমাজি জিলা গাহৰি পালক সন্হাৰ সভাপতি ৰাতুল বৰগোহাঁই সভাপতিত্বত অনুষ্ঠিত হোৱা জৰুৰী সভাখনত থলুৱা পালক সকলৰ সমস্যা ,সুলভ মূল্যত গাহৰি দানা উপলব্ধ কৰোৱা , জিলাখনত থকা গাহৰি ফাৰ্মসমহৰ পঞ্জীয়ন কৰা আদি বিভিন্ন বিষয়ত বিতংভাবে আলোচনা কৰা লগতে বিশেষ ভাবে ধেমাজি জিলাত বহিঃ ৰাজ্যৰ পৰা অহা গাহৰি বন্ধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনোৱা উপৰিও পশুপালন বিভাগৰ তৰফৰ পৰা গাহৰি চিকিৎসা সেৱা , ঔষধ সমহ থলুৱা পালক সকলক প্ৰদান কৰা ব্যৱস্হা কৰিবলৈ পশুপালন বিভাগৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহন হয় ৷
জিলাখনৰ গাহৰি ফাৰ্মসমূহত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ প্ৰত্যেকটো গাহৰি পালকৰ ফাৰ্মত আঠুৱা আৰু ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ধেমাজি জিলাখনৰ গোগামুখৰ এমুৰৰ পৰা জোনাইৰ সিমূৰলৈকে প্ৰায় এক শতাধিক
গাহৰি পালকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সদৌ ধেমাজি জিলা গাহৰি পালক সন্থাৰ সম্পাদক পৰাগ দিহিঙীয়া ,জিলা সমিতিৰ উপ- সভাপতিত্বয় অতুল বৰগোহাঁই , শিৱৰাম বসুমতাৰী আৰু পদ্মা ৰামচিয়াৰী , জিলাৰ সহকাৰী সম্পাদক ক্ৰমে হিতেশ বাইলং , বিতুল বৰগোহাঁই ,ৰনোজ দেউৰী , দিগন্ত বৰগোহাঁই আৰু শোনিত বসুমতাৰী প্ৰচাৰ সমিতিৰ সম্পাদক ক্ৰমে জিতু গগৈ ,দিব্য সোনোৱাল , ৰাজীৱ গগৈ আৰু ধনীৰাম সোনোৱালে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷
The post ধেমাজি জিলা গাহৰি পালক সন্থাৰ জৰুৰী সভা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3C7xJyC
via IFTTT
Comments
Post a Comment