পুনৰ অসুস্থ কিম জং উন! ৰাষ্ট্ৰনেতাৰ নতুন ফটোৱে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক
পুনৰ বাতৰিৰ মাজলৈ আহিছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিং জম উন। শেহতীয়াকৈ প্ৰকাশ পোৱা তেওঁৰ এখন ফটোৱে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক।
সাধাৰণতে নিজৰ খেয়ালখুচিৰ স্বভাৱ তথা কঠোৰতাৰ বাবে জনাজাত কিমে এইবাৰ আন কাৰণত বাতৰিৰ শিৰোণামা দখল কৰিছে।
অলপতে কিমে দেশখনৰ সেনা বিষয়াসকলক অভিনন্দন জনোৱা এখন ছবি পোহৰলৈ আহিছে। ছবিখনত কিমৰ পোছাক সোলক ঢোলক দেখা গৈছে। কোৱা হৈছে এই বছৰতে কিমে ২০ কেজি ওজন কমাইছে।
বিগত কিছুদিন ধৰি কিমৰ স্বাস্থ্যক লৈ চৰ্চা হৈ আহিছে যদিও দেশখনে এই ঘটনা গোপনে ৰাখিছিল।
ইয়াৰ মাজতে দেশখনৰ এটা নিউজ চেনেলক এজন যুৱকে জানিবলৈ দিয়ে যে কিমক জঙক খীণ আৰু দুৰ্বল দেখা গৈছে। যুৱকজনে কিমৰ অৱস্থা দেখি ব্যথিত হৈ পৰা বুলিও সদৰী কৰে।
বাতৰি অনুসৰি, কিমৰ অৱস্থা দেখি দেশখনৰ জনসাধাৰণ ভাঙি পৰিছে। উত্তৰ কোৰিয়াৰ অৰ্থনীতি ইতিমধ্যে ভাগি পৰিছে আৰু কৰ’নাৰ সংকটৰ বাবে দেশখনৰ অৱস্থা অধিক জুৰুলা হৈ পৰিছে।
কিম জং সদায়েই ৰাজহুৱা অৱস্থানৰ পৰা দূৰত থাকে। এতিয়া কিমৰ স্বাস্থ্যৰ ওপৰত সকলোৱে নজৰ ৰাখিছে। দেশখনত একচ্ছত্ৰী কিমৰ শাসন চলি আছে যদিও তেওঁৰ পাছত উত্তৰসূৰী হিচাপে জনসাধাৰণে কাকো প্ৰত্যক্ষ কৰা নাই। সেয়ে, কিমৰ স্বাস্থ্যক লৈ উদ্বিগ্ন দেশবাসী।
যোৱা বছৰ বাতৰি ওলাইছিল যে কিমে মৃত্যুৰ সৈতে যুঁজি আছে। আনকি একাংশ আন্তৰ্জাতিক সংবাদ মাধ্যমত কিমৰ মৃত্যুক লৈও বাতৰি প্ৰকাশ পাইছিল।
কিন্তু তাৰ পাছতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজহুৱা স্থানত দেখা গৈছিল উত্তৰ কোৰিয়াৰ শাসকগৰাকীক। এইবাৰ পুনৰ দেশবাসীয়ে খীণাই যোৱা কিমক দেখি চিন্তিত হৈ পৰিছে।
The post পুনৰ অসুস্থ কিম জং উন! ৰাষ্ট্ৰনেতাৰ নতুন ফটোৱে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3yhSZzD
via IFTTT
Comments
Post a Comment