ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দীপিকা পাডুকনৰ সহ-অভিনেতা এইগৰাকী পপ তাৰকা

ধৰ্ষণৰ অভিযোগত চীনত গ্ৰেপ্তাৰ কৰা হৈছে পপ তাৰকা তথা অভিনেতা ক্ৰিছ উক। বলীউদৰ তাৰকা অভিনেত্ৰী দীপিকা পাডুকনৰ এগৰাকী সহ-অভিনেতা হিচাপে অভিনয় কৰিছিল ক্ৰিছে।

‘ট্ৰিপলএক্স: ৰিটাৰ্ণ অফ জেণ্ডাৰ কেজ’ নামৰ হসিউদৰ এখন ছবিত দীপিকাৰ সহ-অভিনেতা আছিল ক্ৰিছ উ।

শনিবাৰে মাজ নিশা চীনৰ ৰাজধানী বেইজিঙৰ চাওইয়াং জিলা আৰক্ষীৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা সদৰী কৰা হৈছে।

বাতৰি অনুসৰি, ৩০ বছৰীয়া এই অভিনেতাগৰাকী বৰ্তমান কানাডাৰ নাগৰিক। ক্ৰিছৰ বিৰুদ্ধে কম বয়সীয়া যুৱতীক প্ৰলোভনেৰে ফচাই শাৰীৰিক সম্পৰ্ক তথা প্ৰতাৰণা কৰাৰ অভিযোগ আছে।

জন্মসূত্ৰে চীনৰ বাসিন্দা পপ তাৰকা ক্ৰিছৰ বৰ্তমান কানাডাৰ পাছপ’ৰ্ট আছে। যোৱা জুলাই মাহত চীনৰ এগৰাকী যুৱতীয়ে পপ তাৰকাগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অবিযোগ আনিছিল।

যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ বলপূৰ্বক মদ্যপান কৰাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ক্ৰিছে।

ঘটনাৰ বলি যুৱতীগৰাকীয়ে দাবী কৰা মতে তেওঁক মিউজিক ভিডিঅ’ত কাম দিয়াৰ প্ৰলোভনেৰে পপ তাৰকাগৰাকীয়ে মাতি পঠিয়াইছিল।

অভিনেতাগৰাকীৰ বিৰুদ্ধে এইদৰে অনলাইনত বন্ধুত্ব স্থাপন কৰি যুৱতীসকলক ফচাই ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

The post ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দীপিকা পাডুকনৰ সহ-অভিনেতা এইগৰাকী পপ তাৰকা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3BZnYCR
via IFTTT

Comments