‘হাবি’ত লুকাই আছিল দিবন ! আত্মসমৰ্পন নে গ্ৰেপ্তাৰ – দিশপুৰৰ শ্ৰুতলিপি মতে আৰক্ষীয়ে দিব কিছু সময়ৰ পিছত ভাষ্য….

ডিজিটেল ডেস্ক : আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰা অসম আৰক্ষীৰ এছ আই কেলেংকাৰীৰ অন্যতম খলনায়ক দিবন ডেকা আক্ৰান্ত হৈছিল কোভিডত ।
আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰা সময়ত এই কথা সদৰি কৰিছিল । শাৰিৰীক ভাবে দূৰ্বল হৈ পৰা বুলি উল্লেখ কৰি দিবন ডেকাই আৰক্ষীক আত্মসমৰ্পন কৰা বুলি ক’লেও এতিয়া সমগ্ৰ বিষয়তো নিৰ্ভৰ কৰিছে দিশপুৰে দিবন ডেকা সন্দৰ্ভত কি বিচাৰে ।
আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়াই দিবন ডেকাক গুৱাহাটীলৈ অনাৰ পিছত দিশপুৰৰ সৈতে বিষয়টো আলোচনা কৰিছে । দিশপুৰে দিবন ডেকাক আত্মসমৰ্পন কৰা বুলি কবলৈ ক’লে আৰক্ষীয়ে নিজৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।
ইফালে পাটাছাৰকুছিৰ এক স্থানীয় সূত্ৰই দিবন ডেকা হাবিত আত্মগোপন কৰি থকা বুলি জানিব দিছে । উল্লেখ যোগ্য যে পাটাছাৰকুছিত আছে এই নামৰ ধাবা খন । পিছে এই খবৰ কিমান সচা সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে । অৱশ্যে পাটাৰকুছি আৰক্ষীয়ে দিবন ডেকা সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাছিল ।
The post ‘হাবি’ত লুকাই আছিল দিবন ! আত্মসমৰ্পন নে গ্ৰেপ্তাৰ – দিশপুৰৰ শ্ৰুতলিপি মতে আৰক্ষীয়ে দিব কিছু সময়ৰ পিছত ভাষ্য…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3n8Xasr
via IFTTT
Comments
Post a Comment